ETV Bharat / state

অমৃত দাসৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল - ভাৰতীয় নাগৰিকক ডিটেনচন কেম্প

প্ৰকৃত ভাৰতীয় নাগৰিকক ডিটেনচন কেম্পত বন্দী হৈ থকাৰ সময়তে চলিত বৰ্ষৰ এপ্ৰিল মাহত অমৃত দাস নামৰ লোকজনৰ মৃত্যু হোৱাৰ পাছত অসম প্ৰদেশ কংগ্ৰেছৰ এক প্ৰতিনিধি দল শুক্ৰবাৰে প্ৰয়াত অমৃত দাসৰ ঘৰত উপস্থিত হয় শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

ডিটেনচন কেম্পত মৃত্যু হোৱা অমৃত দাসৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল
author img

By

Published : May 31, 2019, 11:24 PM IST

বৰপেটা, 31 মে’: এগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিক হৈও বৰপেটাৰোডৰ অমৃত দাস নামৰ লোকজন এক নিকৃষ্ট পন্থাৰ বলি হৈ মৃত্যুক আঁকোৱালী লোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ নামত বিজেপিয়ে যিমানেই আস্ফালন নকৰক কিয় তেওঁলোকে হিন্দু বঙালী সকলৰ ত্ৰাণকৰ্তা হৈ কাম কৰা কথাটো সম্পূৰ্ণ মিছা আৰু আঁভুৱা ভৰা বুলি উল্লেখ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ৷

ডিটেনচন কেম্পত মৃত্যু হোৱা অমৃত দাসৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত হিন্দু বঙালী সকলেই সকলোতকৈ বেছি মৃত্যুৰ পথ বাছি ল’বলগীয়া হৈছে বুলি প্ৰশ্ন কৰে ৷ বিজেপিয়ে ৰাজনীতি বহুত কৰিলে লগতে হিন্দু বঙালী সকলক সস্তীয়া প্ৰলোভন আৰু প্ৰতিশ্ৰুতিও বহুত দিলে ৷ এতিয়া মানৱীয় দায়বদ্ধতাৰে আৰু দেশৰ সাংবিধানিক অধিকাৰ প্ৰাপ্যৰ পৰা যাতে দেশৰ কোনো প্ৰকৃত নাগৰিকে বঞ্চিত হ’ব লগা নহয় আৰু নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হৈ মৃত্যুৰ পথ বাছি ল’বলগীয়া নহয় তাৰ বাবে বিজেপিক যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, বৰপেটা ৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা অমৃত দাস নামৰ লোকজনক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰাৰ পাছত ২০১৭ চনৰ ২০ মে’ৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত আছিল ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ৬ তাৰিখত ডিটেনচন কেম্পতে অমৃত দাস নামৰ লোকজনৰ মৃত্যু হৈছিল ৷ সুদীৰ্ঘ দুই বছৰ কাল বিদেশী বুলি ডিটেনচন কেম্পত আৱদ্ধ কৰা মৃত অমৃত দাসৰ পিতৃ বীৰেন্দ্ৰ চন্দ্ৰ দাসৰ নাম ১৯৫১ চনৰ এন আৰ চিত থকাৰ লগতে অমৃত দাসৰ নিজৰ নামটোও ২০১৯ চনৰ ভোটাৰ তালিকাত সন্নিবিষ্ট আছিল ৷

Intro:প্ৰকৃত ভাৰতীয় নাগৰিকক ডিটেনচন কেম্পত বন্দী হৈ থকাৰ সময়তে চলিত বৰ্ষৰ এপ্ৰিল মাহত অমৃত দাস নামৰ লোকজনৰ মৃত্যু হোৱাৰ পাছত অসম প্ৰদেশ কংগ্ৰেছৰ এক প্ৰতিনিধি দল শুক্ৰবাৰে প্ৰয়াত অমৃত দাসৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷ Body:কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিজিপিক ক্ষুৰধাৰ সমালোচনা কৰি কয় বৰপেটাৰোডৰ এগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিক হৈয়ো অমৃত দাস নামৰ লোকজনে এক নিকৃষ্ট পন্থাৰ বলি হবলগীয়া হোৱা ঘটনাক দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ নামত বিজেপিয়ে যিমানেই আস্ফালন নকৰক কিয় তেওলোকে হিন্দু বঙালী সকলৰ ত্ৰাণকৰ্তা হৈ কাম কৰা কথাটো সম্পূৰ্ণ মিছা আৰু আভোৱা ভৰা কথা বুলি কয় কংগ্ৰেছ নেতা গৰাকীয়ে মন্তব্য কৰে ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত হিন্দু বঙালী সকলেই সকলোতকৈ বেছি মৃত্যুৰ পথ বাছি লবলগীয়া হৈছে বুলি উল্লেখ কৰি বিজেপি দলে ৰাজনীতি বহুত কৰিলে লগতে হিন্দু বঙালী সকলকলৈ সস্তীয়া প্ৰলোবন আৰু প্ৰতিশ্ৰুতিও বহুত দিলে এতিয়া মানৱীয় দায়বদ্ধতাৰে আৰু দেশৰ সাংবিধানিক অধিকাৰ প্ৰাপ্যৰ পৰা যাতে দেশৰ কোনো প্ৰকৃত নাগৰিকে বঞ্চিত হবলগা নহয় আৰু নিকৃষ্ট ষড়যন্ত্ৰৰ বলী হৈ মৃত্যুৰ পথ বাছি লবলগীয়া নহয় তাৰবাবে বিজেপিক যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ Conclusion:উল্লেখ্য যে বৰপেটাৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা অমৃত দাস নামৰ লোকজনক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰাৰ পাছত ২০১৭ চনৰ ২০ মেৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত আছিল ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ৬ তাৰিখত ডিটেনচন কেম্পত অমৃত দাস নামৰ লোকজনৰ মৃত্যু হৈছিল ৷ সুদীৰ্ঘ দুই বছৰ কাল বিদেশী বুলি ডিটেনচন কেম্পত আবদ্ধ কৰা মৃত অমৃত দাসৰ পিতৃ বীৰেন্দৰ চনদৰ দাসৰ নাম ১৯৫১ চনৰ এন আৰ চিত থকাৰ লগতে অমৃত দাসৰ নিজৰ নামটোও ২০১৯ চনৰ ভোটাৰ তালিকাত সন্নিবিষ্ট আছিল৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.