ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম ৰৌমাৰী পথাৰ - চেঙা সমষ্টি

চেঙা সমষ্টি (Chenga Constituency)ৰ ৰৌমাৰী পাথাৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ধৰিছে কালৰূপ ৷ চপৰা-চপৰে খহনীয়া অব্যাহত থকাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষিভূমি তথা ঘৰ মাটি ভেটিলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ ইতিমধ্যে নিৰাপদ আশ্ৰয়স্তানলৈ ৰাওনা হৈছে শতাধিক নৈপৰীয়া ৰাইজ ৷

danger-erosion-of-brahmaputra-at-barpeta-roumari-pathar
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম ৰৌমাৰী পথাৰ
author img

By

Published : Jun 16, 2021, 10:03 PM IST

বৰপেটা, 16 জুন : বৰপেটা জিলাৰ চেঙা সমষ্টি (Chenga Constituency)ৰ অন্তৰ্গত ৰৌমাৰী পাথাৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই লৈছে কালৰূপ ৷ ইতিমধ্যে বহু পৰিয়ালৰ ঘৰ মাটি ভেটিৰ লগতে হাজাৰ-হাজাৰ বিঘা কৃষিভূমি লুইতৰ বুকুত জাহ গৈছে ৷ চপৰা চপৰে খহনীয়া অব্যাহত থকাত নৈ পৰীয়া ৰাইজলৈ ভাবুকি নামি আহিছে ৷

বছৰ বছৰ ধৰি বৰপেটা জিলাৰ চেঙা সমষ্টি (Chenga Constituency)ৰ অন্তৰ্গত ৰৌমাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৰ্বস্বান্ত কৰিছে নৈপৰীয়া ৰাইজক । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ইতিমধ্যে ঘৰ-দুৱাৰৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি লুইতৰ বুকুত জাহ গৈছে । উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি অনাৰ ফলত বিগত তিনিটা বছৰত তিনি শতাধিক পৰিয়ালে অন্যস্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে বাসগৃহ।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম ৰৌমাৰী পথাৰ

বৰ্তমানো ব্ৰহ্মপুত্ৰৰ খহনীয়াই কেইবাটা পৰিয়াললৈ আনিছে ভাবুকি। ফলত মুৰে-কঁপালে হাত দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ । এনেদৰে খহনীয়া অব্যাহত থাকিলে দুই-তিনি বছৰৰ ভিতৰতে ৰৌমাৰী পথাৰৰ লগতে বৃহত্তৰ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত যে নিচিহ্ন হৈ যাব বুলি শংকিত হৈছে নৈ-পৰীয়া ৰাইজ ।

চৰকাৰ তথা জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল’বলৈ বহুবাৰ আহ্বান জনাইছিল যদিও এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে নৈ-পৰীয়া ৰাইজে ৷ অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika)লৈ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে ।

লগতে পঢ়ক- মৰিগাঁৱত উৎকোচ লৈ ৰঙাঘৰত সোমাল কোষাগাৰৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.