ETV Bharat / state

কলগাছিয়াত চিপিআইএমৰ বিক্ষোভ কাৰ্যসূচী - ৰাজ্যপাল

শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰে বিধানসভাত গৃহীত কৰা গো সুৰক্ষা আইনখনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বিতৰ্কিত এই আইনখন বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন স্থানত দল-সংগঠনে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

cpim moved against assam cattle preservation act 2021
চি পি আই এম বিক্ষোভ কাৰ্যসূচী
author img

By

Published : Sep 15, 2021, 2:05 PM IST

জনীয়া, 15 ছেপ্টেম্বৰ : গো সুৰক্ষা আইন বাতিলৰ দাবীত চিপিআই(এম) ৰ অসম ৰাজ্যিক কমিটিয়ে মঙলবাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰে অংশ হিচাপে চিপিআইএমৰ কলগাছিয়া আৰু তিতাপানী আঞ্চলিক সমিতিয়ে কলগাছিয়াত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে ৷

cpim moved against assam cattle preservation act 2021
কলগাছিয়াত চিপিআইএমৰ বিক্ষোভ কাৰ্যসূচী

এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে চিপিআইএমৰ কলগাছিয়া আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰি মৰাপাট বজাৰ হৈ ভাৰতীয় ষ্টেট বেংক চাৰিআলি হৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ।

প্ৰতিবাদকাৰীসকলে সাম্প্ৰদায়িক গো-সুৰক্ষা আইন বাতিল কৰক, অসমৰ অৰ্থনীতি বিৰোধী গো-সুৰক্ষা আইন বাতিল কৰক, সংবিধান বিৰোধী গো-সুৰক্ষা আইন বাতিল কৰক, সাম্প্ৰদায়িক বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্ল’গানেৰে ৰাজপথ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ।

কলগাছিয়াত চি পি আই এম বিক্ষোভ কাৰ্যসূচী

চিপিআইএমে গো-সুৰক্ষা আইন বাতিলৰ দাবীত চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ প্ৰতিবাদকাৰীসকলে লগতে এই আইনখন শীঘ্ৰে বাতিল নকৰিলে অনাগত দিনত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক : নিমাতীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : নিমাতীঘাটত সলনি হ’ব পূৰ্বৰ ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.