ETV Bharat / state

সৰ্বা-হিমন্তই ৰাজনৈতিক পথাৰত সাম্প্ৰদায়িক প্ৰচাৰ চলাইছেঃ মনোৰঞ্জন তালুকদাৰ

author img

By

Published : Nov 12, 2020, 4:46 PM IST

২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্য বান্ধি লৈছে বিজেপিয়ে ৷ এই মন্তব্য প্ৰকাশ কৰিছে চিপিআইএমৰ নেতা মনোৰঞ্জন তালুকদাৰে ৷ বৰপেটাৰ মথনগুৰি এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে দলটোৰ নেতাগৰাকীয়ে ৷

CPIM election meeting in barpeta road assam etv bharat news
নিৰ্বাচনী সভা

বৰপেটাৰোড,12 নৱেম্বৰ: ৩৫ শতাংশ মুছলমানৰ বিপৰীতে ৬৫ শতাংশ হিন্দুক সমবেত কৰি ২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্য বান্ধি লৈছে বিজেপিয়ে ৷ এই মন্তব্য প্ৰকাশ কৰিছে চিপিআইএমৰ নেতা মনোৰঞ্জন তালুকদাৰে ৷ বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ বাওঁপন্থী দল চিপিআইএমে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ বৰপেটা জিলাৰ মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী জুলহাছ উদ্দিন আহমেদৰ পক্ষে এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি চিপিআইএমৰ নেতা মনোৰঞ্জন তালুকদাৰে নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ দুখনে বিগত দিনসমূহত দেশৰ লগতে ৰাজ্যখনকো এক জটিল পৰিৱেশৰ দিশে ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে ৷

সম্প্ৰতি দেশৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ দলটোৱে যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰে ৷ তদুপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যৰ বিৰুদ্ধেও সৰৱ মন্তব্য প্ৰকাশ কৰে দলটোৰ নেতাগৰাকীয়ে ৷ পৰৱৰ্তী নিৰ্বাচনৰ জৰিয়তে বিজেপিয়ে ৰাজ্যবাসীক বিভাজিত কৰিবলৈ চেষ্টা কৰা বুলিও চিপিআইএমৰ নেতা মনোৰঞ্জন তালুকদাৰে প্ৰকাশ কৰে ৷ সেয়ে সাম্প্ৰদায়িক একতা অটুট ৰখাৰ উদ্দেশ্যে চিপিআইএমে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে নেতাগৰাকীয়ে ৷

লগতে চাওকঃ দীপাৱলী উপলক্ষে প্ৰিয়বন্ধুৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.