ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীৰে চিপিআই (এম)ৰ প্ৰতিবাদ - ছাহেদ আলী আহমেদ

শুকুৰবাৰে বৰপেটাৰ কয়াকুছিত চিপিআই (এম) দলে অখিল গগৈসহ সকলো CAA বিৰোধী কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে প্লে’ কাৰ্ড লৈ সমদল উলিয়াই আৰু কয়াকুছি বজাৰৰ তিনিআলিত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ।

অখিল গগৈক মুক্তিৰ দাবীত চিপিআই (এম)ৰ প্ৰতিবাদ

author img

By

Published : Jul 10, 2020, 10:20 PM IST

বৰপেটা, 10 জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ কয়াকুছিতো অখিল গগৈসহ সকলো CAA বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই (এম) দলে ৷ চিপিআই (এম)ৰ কয়াকুছি আঞ্চলিক সমিতিয়ে শুকুৰবাৰে ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে কৃষক নেতা অখিল গগৈকে ধৰি সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

অখিল গগৈক মুক্তিৰ দাবীৰে চিপিআই (এম)ৰ প্ৰতিবাদ

হাতে হাতে প্লে’ কাৰ্ড লৈ সমদল উলিয়াই আৰু কয়াকুছি বজাৰৰ তিনিআলিত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে । উল্লেখ্য যে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৰাইজক উদ্দেশ্যি মন্তব্য প্ৰদান কৰে চিপিআই (এম) কয়াকুছি আঞ্চলিকৰ সম্পাদক পিয়াৰুল ইছলাম আহমেদে । লগতে, প্ৰতিবাদী কাৰ্যসূচীত মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ ‘মাছ’ৰ বৰপেটা জিলা সমিতিৰ সচিব ছাহেদ আলী আহমেদেও অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কাৰাগাৰত পাখি মিঞাৰ চিকিৎসা কৰাব পাৰে, অখিলৰ নোৱাৰে কিয়ঃ লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.