ETV Bharat / state

Protest against Price Hike : কলগাছিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ

author img

By

Published : Oct 19, 2022, 10:01 PM IST

বুধবাৰে চি পি আই এমৰ কলগাছিয়া লোকেল কমিটিয়ে পাঁচ দফীয়া দাবীৰ ভিত্তিত কলগাছিয়াত মূল্যবৃদ্ধিৰ লগতে আন বহুকেইটা দাবীক লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against price hike at Jania ) ৷ প্ৰতিবাদৰ জৰিয়তে চৰকাৰে শীঘ্ৰে যদিহে পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নকৰে তেনেহ’লে অনাগত দিনত জংগী আন্দোলনৰ সূচনা কৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ৷

CPI(M) Kalgachia Local Committee protest against price hike at Jania
চি পি আই এম কলগাছিয়া লোকেল কমিটিৰ পাঁচ দফীয়া দাবীৰ ভিত্তিত প্ৰতিবাদ

জনীয়া, 19 অক্টোবৰ: নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা জনসাধাৰণ । দাম নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ নাই কোনো পদক্ষেপ । কুম্ভকর্ণৰ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ । অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে (Price hike in Assam) সৰ্বসাধাৰণ ৰ‍াইজক দিশহাৰা কৰি তোলাৰ সময়তে জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি হৈছে ।

কাহ-জ্বৰ, ৰক্তচাপ, মধুমেহকে ধৰি প্ৰায় প্ৰতিবিধ ৰোগৰ ঔষধৰ দাম ১৫ ৰ পৰা ২০ শতাংশলৈ বৃদ্ধিয়ে সম্প্ৰতি সকলোকে চিন্তিত কৰি তুলিছে (Price hikes of medicines)। নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, বাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে জি এছ টিৰ পৰিমাণ বৃদ্ধিৰ লগতে ইন্ধনৰ মুল্যবৃদ্ধিৰ (Fuel price hike) ফলত এতিয়া ত্ৰাহি মধুসূদন সোঁৱৰিছে সাধাৰণ জনতাই ৷

কেৱল সেয়াই নহয় অসমীয়াৰ বাপতি সাহোন বিহুৰ সময়ত গ্ৰহণ কৰা বিশেষ খাদ্য মুড়ি, চিৰা আদিটো এতিয়া লগোৱা হৈছে GST । যাৰ ফলত সাধাৰণ মানুহৰ লগতে বিভিন্ন দলৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । সেয়ে চৰকাৰৰ এই কাৰ্যত ক্ষোভিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ শেহতীয়াকৈ বুধবাৰে চি পি আই এম কলগাছিয়া লোকেল কমিটিটোৱে পাঁচ দফীয়া দাবীৰ ভিত্তিত কলগাছিয়াত মূল্যবৃদ্ধিৰ লগতে আন আন দাবী লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against price hike at Jania ) ৷

ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাস্কবাদী) অসম ৰাজ্যিক কমিটিয়ে আহ্বান কৰা চৰকাৰৰ জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি আন্দোলনৰ অংশ হিচাপে চি পি আই এম কলগাছিয়া লোকেল কমিটিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ( CPI(M) Kalgachia Local Committee protest) । চি পি আই এম কলগাছিয়া লোকেল কমিটিটোৱে ‘খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰক’, ‘পেট্ৰ’ল-ডিজেলৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰ প্ৰত্যাহাৰ কৰক’, ‘বিদ্যুৎ মাচুল বৃদ্ধিৰ (Increase in electricity bill) সিদ্ধান্ত প্ৰত্যাহাৰ কৰক’, ’স্মাৰ্ট মিটাৰৰ নামত বিদ্যুৎ গ্ৰাহকক লুণ্ঠন বন্ধ কৰক’, ‘ভূ-গৰ্বস্থ পানী উত্তোলনৰ ওপৰত ধাৰ্য কৰা কৰ প্ৰত্যাহাৰ কৰক’ আদি পাঁচ দফীয়া দাবী বন্ধ কৰাৰ দাবী উত্থাপন কৰি এক প্ৰতিবাদী ৰেলী উলিয়াই ৷

তাৰোপৰি যদি চৰকাৰে শীঘ্ৰে পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নকৰে তেনেহ’লে অনাগত দিনত জংগী আন্দোলনৰ সূচনা কৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: Pulitzer Award 2022: বঁটা গ্ৰহণ অনুষ্ঠানলৈ যোৱাত বাধা বঁটা প্ৰাপকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.