ETV Bharat / state

বৰপেটাত COVID-১৯ৰ টীকাকৰণৰ অনুশীলন

বৰপেটাৰ ৩ খন হাস্পতালত চলিছে COVID-১৯ৰ টীকাকৰণৰ অনুশীলন । টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰোতে ল'বলগীয়া ব্যৱস্থাৰ বিষয়ে অনুশীলন কৰা হৈছে ।

বৰপেটাৰ ৩ খন হাস্পতালত চলিছে COVID-১৯ৰ টীকাকৰণৰ অনুশীলন

author img

By

Published : Jan 8, 2021, 3:06 PM IST

Updated : Jan 8, 2021, 4:30 PM IST

বৰপেটা, ৯ জানুৱাৰী: দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আৰম্ভ হৈছে COVID-১৯ৰ টীকাকৰণৰ অনুশীলন ৷ বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা ৰোড এফ আৰ ইউ আৰু সঞ্জীৱনী হাস্পতালত COVID-১৯ৰ টীকাকৰণৰ অনুশীলন চলোৱা হৈছে । ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত শুক্ৰবাৰে অনুশীলনৰ সময়ত উপস্থিত থাকে বৰপেটাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা০ প্ৰমথেশ শৰ্মা, ডা০ ৰাজীৱ বৰবৰা, ডা০ সুৰেশ শৰ্মা, ডা০ হৰিষাদিত্য দাস ৷

বৰপেটাৰ ৩ খন হাস্পতালত চলিছে COVID-১৯ৰ টীকাকৰণৰ অনুশীলন

COVID-১৯ মহামাৰীয়ে সমগ্ৰ মানৱ জাতিলৈ কঢ়িয়াই অনা ভয়াৱহ বিপদ নাশ কৰি মানুহক সংকটমুক্ত কৰাৰ বাবে গোটেই বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে চলাই থকা নিৰন্তৰ প্ৰয়াসৰ ফলস্বৰূপে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে মহামাৰীৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰততো বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত ইতিমধ্যে প্ৰতিষেধক জৰুৰীকালীনভাৱে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছে । সমান্তৰালকৈ বিভিন্ন ৰাজ্যত টীকাকৰণৰ অনুশীলনো চলি আছে ।

উক্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ৰাজ্যৰ নিৰ্বাচিত একাংশ হাস্পতালত অনুশীলন চলোৱা হৈছে ৷ বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা ৰোড এফ আৰ ইউ আৰু সঞ্জীৱনী হাস্পতালত চলা অনুশীলনত বিশেষকৈ COVID-১৯ৰ প্ৰতিষেধক কেনেদৰে প্ৰদান কৰা হব, প্ৰতিষেধক প্ৰদানৰ পিচত লোকজনক আধাঘন্টা সময়লৈকে কেনেকৈ নিৰীক্ষণত ৰাখিব লাগিব সেই সম্পৰ্কে অনুশীলন কৰা হৈছে ।

বৰপেটাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা০ প্ৰমথেশ শৰ্মাই জনোৱা মতে প্ৰতিষেধক প্ৰথমে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু ৫০ উৰ্ধৰ লোকসকলক প্ৰদান কৰা হব ৷ বৰপেটাত টীকাকৰণৰ বাবে স্বাস্থ্য বিভাগ ইতিমধ্যে সাজু হৈছে আৰু টীকাকৰণ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে আৰক্ষীৰো সহায় ল'ব বুলি জানিবলৈ দিয়ে বৰপেটাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়াই ৷

লগতে পঢ়ক:গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া

Last Updated : Jan 8, 2021, 4:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.