জনিয়া, 8 জুন : পুনৰ চৰ্চাত জল জীৱন মিছন আঁচনি ৷ এইবাৰ বিদ্যালয়ত চৌহদত জল জীৱন মিছন আঁচনিৰ কাম ৰূপায়ন কৰাক লৈ চৰ্চালৈ আহিছে (Corruption in jal jeevan mission scheme in Barpeta) ৷
অভিযোগ অনুসৰি, বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ তিতাপানী প্ৰাথমিক বিদ্যালয় চৌহদত ৰূপায়ন কৰা হৈছে জল জীৱন মিছন আঁচনি ৷ এই আঁচনিখন ৰূপায়ন কৰাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে বিদ্যালয়খনত । বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বিদ্যালয়খনৰ নামত থকা 1 বিঘা মাটিত বিদ্যালয় গৃহ আৰু ছাত্ৰ-ছাত্ৰীৰ খেল-ধেমালিৰ বাবে আছিল এখন খেলপথাৰ ।
কিন্তু বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালিৰ বাবে থকা অৱশিষ্ট অংশত জল জীৱন মিছন আঁচনিৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ যাৰ ফলত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালিৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে ৷ এই বিষয়ে ঠিকাদাৰ অথবা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো কোনো সদোত্তৰ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷
আনহাতে, ফজল হক নামৰ ঠিকাদাৰজনে জল জীৱন মিছন আঁচনি ৰূপায়ন কৰাৰ বাবে জিঅ’ টেগ কৰি নির্মাণ কার্য আৰম্ভ কৰে যদিও ঠিকাদৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু তথা ৰাইজে । এই ক্ষেত্ৰত জল জীৱন মিছন আঁচনিখন দক্ষিণ তিতাপানী প্ৰাথমিক বিদ্যালয়ৰ স্বাৰ্থত বিদ্যালয় চৌহদৰ পৰিৱৰ্তে গাঁওখনৰ অন্য স্থানলৈ স্থানান্তৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি আৰু স্থানীয় ৰাইজে ।
অৱশ্যে পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষণীয় ।
লগতে পঢ়ক : ধুবুৰীত জল জীৱন আঁচনিত নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ