ETV Bharat / state

Corruption in Jania : নিৰ্মাণৰ পিছতেই সম্পূৰ্ণৰূপে ছিগিল আঁচনিৰ পথ - পঞ্চদশ আঁচনিৰ পথ

জনীয়া সমষ্টিৰ উদমাৰীত পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ(Corruption in road construction at Jania) ৷ শওঁপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত উদমাৰীত পঞ্চদশ আঁচনিৰ পেভাৰ ব্লকৰ কামৰ সৈতে জড়িত শওঁপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আলতাফ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ বিস্ফোৰক অভিযোগ ।

Corruption in road construction at Jania
Corruption in Jania : নিৰ্মাণৰ পিছতেই সম্পূৰ্ণৰূপে ছিগি পৰিল পঞ্চদশ আঁচনিৰ পথ
author img

By

Published : May 31, 2022, 7:59 PM IST

জনীয়া, 31 মে' : জনীয়া সমষ্টিৰ উদমাৰীত পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে (Corruption in road construction at Jania)৷ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ শওঁপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত উদমাৰীত পঞ্চদশ আঁচনিৰ পেভাৰ ব্লকৰ কামৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অনিয়মৰ অভিযোগ ৷ নিৰ্মাণৰ পিছতেই সম্পূৰ্ণৰূপে ছিগিল পঞ্চদশ আঁচনিৰ পথ ।

Corruption in Jania : নিৰ্মাণৰ পিছতেই সম্পূৰ্ণৰূপে ছিগি পৰিল পঞ্চদশ আঁচনিৰ পথ

ৰাইজৰ অভিযোগ মতে, বালি মাটিৰে ৰোলাৰ নমৰাকৈ উক্ত পথটি নিৰ্মাণ কৰাত বৰষুণৰ ফলত খহিল পেভাৰ ব্লকৰ পথ । উল্লেখ্য যে, উদমাৰী ৰাজ্যিক ঘাইপথৰ পৰা ছবুৰ উদ্দিন নামৰ লোকজনৰ ঘৰলৈ যোৱা পেভাৰ ব্লকৰ পথ নিৰ্মাণৰ বাবে ২ লাখ ৫০ হাজাৰ টকা চৰকাৰে আৱন্টন দিছিল যদিও, পথটো প্ৰায় দুমাহ পূৰ্বে শওঁপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আলতাফ হুছেইনে তিনি ভাগৰ এক অংশ কাম কৰি ব্যাপক অনিয়মেৰে বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

Corruption in road construction at Jania
Corruption in Jania : নিৰ্মাণৰ পিছতেই সম্পূৰ্ণৰূপে ছিগি পৰিল পঞ্চদশ আঁচনিৰ পথ

অভিযোগ মতে, পথছোৱা নিৰ্মাণৰ বাবে ধাৰ্য কৰা পুঁজিৰ ৫০ৰ পৰা ৬০ হাজাৰ টকা ব্যয় কৰি অধিকাংশ ভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ । যাৰ ফলত পূৰ্বৰ সময়চোৱাত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে যাতায়তৰ ক্ষেত্ৰত ব্যাহত হৈ পৰিছিল ১০৮ এম্বুলেন্স সেৱা । সেয়ে অতি শীঘ্ৰেই উক্ত পথছোৱা মেৰামতি কৰি দিয়াৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : ক’লা ল’ৰাৰ ভুলটোকেই কৰিলে জুৰীয়াৰ আশ্বিকুলে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.