ETV Bharat / state

সৰুক্ষেত্ৰীত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ - সৰুক্ষেত্ৰী

বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ কুজাৰপীঠ-বনবাহাৰ-কয়াকুছি পথৰ পৰা দঙৰকুছি-কালজাৰ সংযোগী পথছোৱা নিৰ্মাণত উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ ৷ ইয়াৰ বিৰুদ্ধে শনিবাৰে সৰব হৈ পৰে আমছুৰ কৰ্মকৰ্তা সকল ৷

পথ নিৰ্মাণত অনিয়মৰ অভিযোগ
পথ নিৰ্মাণত অনিয়মৰ অভিযোগ
author img

By

Published : Sep 5, 2020, 5:40 PM IST

পাঠশালা, 5 চেপ্তেম্বৰ: প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত ৷ অসম ৰাজ্যিক গড়কাপ্তানী বিভাগৰ বৰপেটা জিলা গড়কাপ্তানী পথ সংমণ্ডলৰ অধীনস্থ সৰুক্ষেত্ৰীৰ, কুজাৰপীঠ-বনবাহাৰ-কয়াকুছি পথৰ পৰা দঙৰকুছি-কালজাৰ সংযোগী পথছোৱা নিৰ্মাণত উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ ৷ 2.294 কিল'মিটাৰ দৈৰ্ঘৰ পথটো 2019 বৰ্ষৰ 1 মাৰ্চতে আৰম্ভ কৰিছিল আৰু কাম সম্পূৰ্ণ কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল একেটা বৰ্ষৰে নবেম্বৰ মাহত 30 তাৰিখে ৷ বৰপেটাৰোডৰ ঠিকাদাৰ ছফিকুল ইছলামক প্ৰদান কৰা হৈছিল পথটো নিৰ্মাণৰ কাম ৷

সৰুক্ষেত্ৰীত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

অভিযোগ অনুসৰি, ঠিকাদাৰ গৰাকীয়ে প্ৰাককলন অনুসৰি কৰা নাই পথ নিৰ্মাণৰ কাম ৷ এই দুৰ্নীতিৰ বিৰুদ্ধে শনিবাৰে সৰৱ হৈছে বৰবালা-বেতবাৰী আমছুৰ লগতে বৰপেটা জিলা আমছুৰ নেতৃত্ব ৷ 1 কোটি 32 লাখ 23 হাজাৰ 100 টকা ব্যয় নিৰ্ধাৰিত পথটোত নামমাত্ৰ শিলৰ ওপৰত বালি আৰু পানীৰে ৰোলাৰ মাৰি কেৱল পৰীকৰণ কৰিছে ৷ যি পকী পথ এতিয়া হাতেৰে চুলেই চপৰা-চপৰে উঠি আহে ৷ যাৰ বাবে পশ্চিম বেতবাৰী আঞ্চলিক আমছুৰ সভাপতি আমিৰ হামজা আহমেদ, কাৰ্যকৰী সভাপতি আব্দুছ ছালাম, সাধাৰণ সম্পাদক ইঞ্জামামুল হক, বৰপেটা জিলা আমছুৰ, সহকাৰী সম্পাদক নুৰ মহম্মদ খান, স্থানীয় আঞ্চলিক আমছুৰ বিভিন্ন বিষয়ববীয়া আৰু স্থানীয় একাংশ সচেতন ৰাইজে ঠিকাদাৰ আৰু চৰকাৰৰ লগতে স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.