ETV Bharat / state

কলগাছিয়াত হামদৰ্দৰ উদ্যোগত সংবিধান কেন্দ্ৰ উদ্বোধন

author img

By

Published : Jan 26, 2021, 9:02 PM IST

কলগাছিয়াত মঙলবাৰে সংবিধান কেন্দ্ৰ উদ্বোধন কৰা হয় । বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা হামদৰ্দৰ উদ্যোগত উদ্বোধন কৰা হয় এই কেন্দ্ৰ ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটাৰ সাংসদ আব্দুল খালেক ৷

constitution-centre-inauguration
কলগাছিয়াত হামদৰ্দৰ উদ্যোগত সংবিধান কেন্দ্ৰ উদ্বোধন

জনীয়া, 26 জানুৱাৰী: কলগাছিয়াত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা হামদৰ্দৰ উদ্যোগত মঙলবাৰে সংবিধান কেন্দ্ৰ উদ্বোধন কৰা হয় । উক্ত সংবিধান কেন্দ্ৰ উদ্বোধনী সভাত সভাপতিত্ব কৰে ড৹ ছুৰমান আলীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটাৰ সাংসদ আব্দুল খালেক ৷

সাংসদ আব্দুল খালেকে সভাত ভাষণ প্ৰদান কৰি 'ডি' ভোটাৰ প্ৰসংগৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে সমাজৰ প্ৰতিভাক আগুৱাই নিয়াৰ আহ্বান জনাই হামদৰ্দ ট্ৰাষ্টলৈ এক মাহৰ দৰমহা আগবঢ়ায় ।

উক্ত সভাতে ট্ৰাষ্টে কৃতি ছাত্ৰ মজিবুৰ ৰহমান আৰু শিৰাজুল ইছলামক সম্বৰ্ধনা জ্ঞাপন কৰে । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আমান ওৱাদুতে সংবিধান আৰু মানুহৰ মাজত দূৰত্ব বাঢ়ি গৈছে বুলি মন্তব্য আগবঢ়ায় । সভাখনত অঞ্চলটোৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক : হাফলঙত গণতন্ত্ৰ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.