ETV Bharat / state

Jayantamalla Baruah; আন্দোলন কমিছে, পৰ্যটন আৰু তেলৰ ৰয়েলিটি বাঢ়িছে; খিলঞ্জীয়াৰ ৰক্ষাকবচ সমষ্টি পুনৰ নিৰ্ধাৰণ - Assam Constituency Delimitation draft

অসমৰ অসমীয়া খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে অসম আন্দোলন, এন আৰ চি, সশস্ত্ৰ বিপ্লৱৰ যোগেদি বহু প্ৰচেষ্টা চলিল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদিহে অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা পৰিব ৷ বৰপেটাত জয়ন্তমল্ল বৰুৱাৰ মন্তব্য ৷

Constituency Delimitation
indigenous people of Assam
author img

By

Published : Jun 30, 2023, 8:28 PM IST

বৰপেটাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

বৰপেটা, ৩০ জুন: ‘‘বৰুৱা, শৰ্মা, কলিতা, দাস আদিৰ সুৰক্ষা নিবিচাৰে ভূপেন বৰা, আব্দুল খালেক আৰু আজমল আদিয়ে ৷ তেওঁলোকে সুৰক্ষা বিচৰা মানুহ বেলেগ ৷’’ এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ বৰপেটাত শুকুৰবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক সমৰ্থন কৰিবলৈ গৈ এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ লগতে কয় যে, অসমৰ অসমীয়া খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে বহু চেষ্টা কৰা হৈছে ৷ অসম আন্দোলন, এন আৰ চি, সশস্ত্ৰ বিপ্লৱৰ যোগেদি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা চলিল ৷ কিন্তু সকলো বিফল হ’ল ৷ ভাৰতৰ নিৰ্বাচন আয়োগে এনে ব্যৱস্থা কৰিছে যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা পৰিব ৷ প্ৰতিজন অসমীয়াই ইয়াৰ হৃদয়েৰে অভিনন্দন জনাব লাগে ৷ ইয়াৰ বিৰোধিতা কৰা সকলে অসমৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষা নিবিচাৰে ৷

ইফালে ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণক লৈ ভূপেন বৰাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জয়ন্তমল্ল বৰুৱাই ৷ তেওঁ কয় যে, ৰাহুল গান্ধী ভাৰতবৰ্ষৰ আটাইতকৈ ব্যৰ্থ পলিচিছিয়ান হিচাপে প্ৰতিপন্ন হৈছে ৷ যিমানেই তেওঁক প্ৰতিষ্ঠা কৰিব বিচাৰে, বাৰে বাৰে তেওঁ সিমানেই ব্যৰ্থ পলিটিচিয়ানত পৰিণত হয় ৷ আৰুনো তেওঁক কিমান লাজ দিব ৷

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা ৷ অসমত টেৰ'ৰিজমৰ পৰিৱৰ্তে ট্যুৰিজম আৰম্ভ হৈছে ৷ ৰাজ্যখনত ঘৰুৱা পৰ্যটকৰ সংখ্যা ৫৭৫ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যা বৃদ্ধি পাইছে ৭৬৩ শতাংশ ৷ সম্প্ৰতি অসমক জনাৰ আগ্ৰহ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰাজ্যখনত শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ বাবেই অসমলৈ পৰ্যটকৰ আগমন বৃদ্ধি পাইছে বুলি তেওঁ কয় ৷

লগতে পঢ়ক: Mughal History: টাইমুৰৰ বংশধৰক বাবৰ আৰু তেওঁৰ প্ৰজন্মক কিয় মোগল বুলি কোৱা হৈছিল ?

মন্ত্ৰী বৰুৱাই লগতে জনাই যে, অসমে যোৱা বৰ্ষৰ তুলনাত এই বছৰ তেলৰ ৰয়েল্টি এক হাজাৰ কোটি টকা বেছি পাইছে ৷ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত বিগত এবছৰত আন্দোলনৰ নামত বন্ধ, ধৰ্ণা, প্ৰতিবাদ আদি কাৰ্যসূচী ৰূপায়ন নোহোৱাৰ বাবেই তেলৰ ৰয়েল্টি বৃদ্ধি পাইছে ৷ অৱশ্যে অসমৰ একাংশ সংগঠনে এই পৰিবেশটো ভাল পোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে আন্দোলনৰ দোকানখন খুলি ৰাখিব বিচাৰিছে ৷

শুকুৰবাৰে বৰপেটা জিলা দিৱসৰ কাৰ্যসূচীৰ লগতে গীনিজ বুক অৱ ৰেকৰ্ডছৰ বিহু নৃত্যত অংশ লোৱা বৰপেটা জিলাৰ শিল্পীসকলক প্ৰমাণপত্ৰ প্ৰদানৰ লগতে মাননিও প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.