বৰপেটা, 20 এপ্ৰিল: বৰপেটাৰ বৰবালাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ ভূমি কেন্দ্ৰিক বিবাদৰ পৰিণতিত প্ৰাণ গ'ল এজন লোকৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি বৰবালা গাঁৱৰ গফুৰ তালুকদাৰ আৰু নিজ ভনী জোৱাই মোকাৰম মিঞাৰ মাজত দীৰ্ঘদিন ধৰি মাটিৰ সীমাক লৈ চলি আছিল বিবাদ । এই বিষয়ত সোমবাৰেওদুয়ো পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় ।
পৰিস্থিতি এনে পৰ্যায় পাই যে, গফুৰ তালুকদাৰক মোকাৰম মিঞাৰ পুত্র ছানিদুলে বাহৰ লাঠিৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷ ফলত থিতাতে নিহত হয় গফুৰ তালুকদাৰৰ ৷ পাচতে মৃত লোকজনক বৰপেটা মেডিকেল কলেজত মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ।
ইফালে চিকিৎসালয়ত মৃত গফুৰ তালুকদাৰৰ মৰনোত্তৰ পৰীক্ষা সন্দৰ্ভত কোনো কথা নজনাৰ ফলত বিয়লি মৃত গফুৰৰ শেষকৃত সম্পন্ন কৰাৰ সময়তে স্থানীয় একাংশ লোকে পৰিস্থিতিৰ উত্তপ্ত কৰি তুলে । পৰিস্থিতি উত্তপ্ত হৈ পৰাত স্থানীয় লোকে হাউলী আৰক্ষীক বিষয়টো অৱগত কৰে ৷
ঘটনাৰ বিষয়ে জানিব পাৰি হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ বৰুৱা সহ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে । উল্লেখ্য যে, হত্যা কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ উঠা মোকাৰম মিঞা অৰু তেওঁৰ দুই পুত্র ছানিদুল আৰু ৰাশিদুলে আৰক্ষীৰ উপস্থিতিৰ উমান পাই সেই স্থানৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিলে স্থানীয় লোকে ।
লগতে পঢ়ক: আকৌ লক ডাউন ! কাইলৈ সিদ্ধান্ত ঘোষণা কৰিব ৰাজ্যৰ মুখ্য সচিবে