বৰপেটা,17 অক্টোবৰঃ জনীয়া সমষ্টিৰ কলগাছিয়াত বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয় । সভাত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিব উদ্দিন আহমেদে আজান পীৰৰ জিকিৰ গোৱাৰ লগতে বিভিন্ন ধৰণৰ ধৰ্মীয় বক্তব্যৰে ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে ।
ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে, ভাৰতৰ মুছলমানক মহম্মদ আলী জিন্নাই যেতিয়া পাকিস্তানলৈ যাবলৈ আহ্বান জনাইছিল তেতিয়া মহম্মদ আলী জিন্নাৰ এই আহ্বানৰ বাতৰি পাই মৌলানা আবুল কালাম আজাদে দিল্লীৰ লালকিল্লাৰ মিনাৰত উঠি ভাৰতৰ মুছলমানক আহ্বান জনাই কৈছিল যে, জন্মস্থান এৰি কোনো মুছলমান মানুহ ক'তো নেযায় । ইমানেই নহয়, পয়গম্বৰ হজৰত মোহাম্মদৰ উক্তি টানি কয় যে, "নবীজিয়ে আমাক যি দেশত জন্মিবা সেই দেশৰ হকে কাম কৰিবলৈ আৰু আইন মানি চলিবলৈ শিক্ষা দি থৈ গৈছে।"
সভাত বিভিন্ন সমষ্টিৰ বিধায়ক সকলৰ লগতে কেইবাগৰাকী কংগ্ৰেছ নেতাই বক্তব্য প্ৰদান কৰে । সাংসদ আব্দুল খালেকেও ধৰ্মীয় কথাৰে বক্তব্য আৰম্ভ কৰাত অতিকৈ আকৰ্ষণীয় হৈ উঠে বৃহস্পতিবাৰৰ কংগ্ৰেছৰ নিৰ্বাচনী সভাখন । উল্লেখ্য যে, প্ৰতি গৰাকী বক্তাই সমষ্টি উন্নয়ণৰ স্বাৰ্থত আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছামচুল হকক ভোট দি বিপুল ভোটত জয়যুক্ত কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে, মূলত ধৰ্মীয় সংখ্যালঘুৰ অধ্যুষিত জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু ইউ ডি এফৰ মাজত যে তুমুল প্ৰতিদ্বন্দীতা হ'ব সেইটো প্ৰায় নিশ্চিত হৈ পৰিছে । আনফালে বিজেপি দলেও লক্ষ্যণীয়ভাৱে জনীয়া সমষ্টিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।
আৰু পঢ়ক