ETV Bharat / state

বৰপেটাত AIUDFৰ সৈতে মিত্ৰতাৰ স্বাৰ্থতেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই কংগ্ৰেছ দলেঃ জিলা কংগ্ৰেছ

বৰপেটাত ক্ষোভৰ জুই উদ্গীৰণ কংগ্ৰেছ কৰ্মীৰ মাজত

এআইইউডিএফৰ সৈতে মিত্ৰতাৰ স্বাৰ্থতেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই কংগ্ৰেছ দলৰ
author img

By

Published : Mar 28, 2019, 3:25 PM IST

বৰপেটা, ২৮ মাৰ্চঃআগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বৰপেটা সমষ্টিত আজিলৈকে ঘোষণা কৰা নাই কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ নাম ৷ কংগ্ৰেছৰ বহু প্ৰাৰ্থীত্ব প্ৰত্যাশী থকাৰ পিচতো কংগ্ৰেছ হাইকমাণ্ডে প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাক লৈ দলীয় কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । কংগ্ৰেছ শিবিৰত চলা চৰ্চা অনুসৰি এ আই ইউ ডি এফৰ সৈতে হোৱা গোপন মিত্ৰতাৰ স্বাৰ্থতেই বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই দলৰ হাইকমাণ্ডে ৷

এআইইউডিএফৰ সৈতে মিত্ৰতাৰ স্বাৰ্থতেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই কংগ্ৰেছ দলৰ
কলিয়াবৰত তৰুণ গগৈৰ পুত্ৰৰ লগতে ভূবনেশ্বৰ কলিতা আৰু কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীসকলক বিজয়ী কৰাৰ স্বাৰ্থত বৰপেটাত দুৰ্বল প্ৰাৰ্থী প্ৰদানেৰে এ আই ইউ ডি এফক বৰপেটা সমষ্টি এৰি দিব বিচাৰিছে বুলিও চৰ্চা চলিছে কংগ্ৰেছ শিবিৰত । এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ এই গোপন মিত্ৰতাক লৈ বৰপেটাৰ সৰ্বত্ৰে ক্ষোভৰ জুই উদ্গীৰণ হৈছে কংগ্ৰেছ কৰ্মীৰ মাজত। শীৰ্ষ নেতৃত্বই কংগ্ৰেছ কৰ্মীৰ মতামতক উপেক্ষা কৰিলে বৰপেটাত দলত্যাগ কৰাৰ লগতে অগপ প্ৰাৰ্থীক ভোট প্ৰদান কৰাৰ হুংকাৰ বৰপেটা কংগ্ৰেছ কৰ্মীসকলৰ । এ আই ইউ ডি এফৰ সৈতে গোপন মিত্ৰতাৰ সম্ভাৱনাক নাকচ বৰপেটা জিলা কংগ্ৰেছৰ লগতে বৰপেটা আসনখনত জয়লাভ কৰাৰ স্বাৰ্থত শক্তিশালী প্ৰাৰ্থী প্ৰদান কৰাৰ বাবে দাবী জনাই বৰপেটা জিলা কংগ্ৰেছে ।

Slug:   A_BAR_28MAR_801TO804_BARPETA_CONG_VIS+BITE_BAPKAN_DAS                      বৰপেটাত আজিও ঘোষনা হোৱা নাই কংগ্ৰেছ প্ৰাৰ্থীৰ নামঃ 
ইউডিএফৰ সৈতে গোপন মিত্ৰতাক লৈ কংগ্ৰেছ কৰ্মীৰ মাজত উমি উমি জ্বলিছে ক্ষোভৰ জুই ৷
জিলা কংগ্ৰেছেও বিচাৰিছে শক্তিশালী প্ৰাৰ্থী ৷

বৰপেটা, ২৮ মাৰ্চঃ  বৰপেটা সমষ্ষ্টিত আজিৰ দিনটোতো ঘোষনা কৰা নাই কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ৷ বিধায়ক আব্দুল খালেক, শ্বেৰমান আলী আহমেদ, আব্দুৰ ৰহিম খান, আব্দুৰ ৰহিম আহমেদ, কমল মেধি, শংকৰ প্ৰসাদ ৰয় আদিৰ দৰে বাঘা বাঘা কংগ্ৰেছ প্ৰাৰ্থীত্ব প্ৰত্যাশী থকাৰ পিচতো কংগ্ৰেছ হাইকমাণ্ডে ঘোষনা কৰা নাই প্ৰাৰ্থীৰ নাম ৷ কংগ্ৰেছ শিবিৰত চলা চৰ্চা অনুসৰি ইউডিএফৰ সৈতে হোৱা গোপন মিত্ৰতাৰ স্বাৰ্থতেই  বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰা নাই দলৰ হাইকমাণ্ডে ৷ কলিয়াবৰত তৰুণ গগৈৰ পুত্ৰৰ লগতে ভূবনেশ্বৰ কলিতা আৰু কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীসকলক বিজয়ী কৰাৰ স্বাৰ্থত বৰপেটাত ইউডিএফক ৱাক অভাৰ দিব বিচাৰিছে কংগ্ৰেছে ৷ তাৰবাবে কংগ্ৰেছ হাইকমাণ্ডে বৰপেটাত দিব বিচাৰিছে দূৰ্বল প্ৰাৰ্থী ৷ ইউডিএফৰ সৈতে কংগ্ৰেছৰ এই গোপন মিত্ৰতাক লৈ   বৰপেটাৰ সৰ্বত্ৰ কংগ্ৰেছ কৰ্মীৰ মাজত উমি উমি জ্বলিছে ক্ষোভৰ জুই । তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈৰ জয়লাভৰ স্বাৰ্থত কোনো কাৰনতেই বৰপেটাত দুৰ্বল প্ৰাৰ্থী মানি নলয় কংগ্ৰেছে । কংগ্ৰেছ কৰ্মীৰ মতামতক উপেক্ষা কৰিলে বৰপেটাত দলত্যাগ কৰাৰ লগতে অগপ প্ৰাৰ্থীক  ভোট দিব কংগ্ৰেছ কৰ্মীয়ে । আনকি ইউডিএফৰ সৈতে হোৱা এই গোপন মিত্ৰতাক লৈ দলৰ নেতৃত্বকো জবাবদিহি কৰিছে সাধাৰন কংগ্ৰেছ কৰ্মী সকলে ৷ এতিয়া দলৰ হাইকমাণ্ডে বৰপেটাৰ কংগ্ৰেছ কৰ্মীৰ ক্ষোভ কিদৰে নিৰসন কৰিব পাৰে সেয়া হব লক্ষ্যনীয় ৷
ইপিনে বৰপেটা জিলা কংগ্ৰেছেও ইউডিএফৰ সৈতে গোপন মিত্ৰতাৰ সম্ভাৱনাক নাকচ কৰিছে ৷ বৰপেটা আসনখনত জয়লাভ কৰাৰ স্বাৰ্থত বৰপেটাত শক্তিশালী প্ৰাৰ্থী দিবৰ বাবে দাবী জনাইছে বৰপেটা জিলা কংগ্ৰেছে ৷ বৰপেটাত ক্ৰমাৎ অস্তিত্বহীন হৈ পৰা ইউডিএফৰ সাংসদ চিৰাজুদ্দিন আজমলে ছত্ৰভংগ দিয়াৰ পিচত ইউডিএফৰে মিত্ৰতাক নসাৎ কৰি জিলা কংগ্ৰেছে বিচাৰিছে খালেক, শ্বেৰমানৰ দৰে শক্তিশালী প্ৰাৰ্থী ৷ তৰুণ গগৈ, গৌৰৱ গগৈ বা ভূবনেশ্বৰ কলিতাৰ স্বাৰ্থৰ বাবে বৰপেটাত ইউডিএফক ৱাক অভাৰ দিলে কংগ্ৰেছ কৰ্মীৰ ক্ষোভে বৰপেটাত কি ৰূপ লয় কংগ্ৰেছ নেতৃত্বই তাৰ উমান লবলৈ সক্ষম হবনে ৷

বাইটঃ বৰপেটাৰ ক্ষুব্ধ কংগ্ৰেছ কৰ্মী ৷ 
বাইটঃ সাধাৰন সম্পাদক, বৰপেটা জিলা কংগ্ৰেছ ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.