ETV Bharat / politics

চামগুৰিত কংগ্ৰেছৰ পৰিবৰ্তে এইবাৰ বিজেপিক সমৰ্থন আলিম সমাজৰ - ASSAM BYE ELECTION 2024

চামগুৰিৰ বিজেপি প্ৰাৰ্থীক সমৰ্থন কৰি আল্লাহৰ ওচৰত দোৱা চামগুৰিৰ আলিম সমাজৰ । কংগ্ৰেছৰ বিৰুদ্ধে ডিটেনশ্যন কেম্প নিৰ্মাণৰ অভিযোগ তুলি বিজেপিক মুকলি সমৰ্থন আলিম সমাজৰ ।

ASSAM BYE ELECTION 2024
চামগুৰিত কংগ্ৰেছৰ পৰিবৰ্তে এইবাৰ বিজেপিক সমৰ্থন আলিম সমাজৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 5:11 PM IST

নগাঁও: ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন । নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই প্ৰচাৰ বৃদ্ধি পাইছে দুই মূল প্ৰতিদ্বন্দ্বী দল কংগ্ৰেছ আৰু বিজেপিৰ । চামগুৰি সমষ্টিটোত এতিয়া দিনে-নিশাই উপ-নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছ-বিজেপিৰ নেতৃত্ব । সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ সমৰ্থন লাভৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে বিভিন্ন কৌশল অৱলম্বন কৰি প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়ত চামগুৰিৰ আলিম সমাজে হঠাৎ কংগ্ৰেছৰ বিপৰীতে সমৰ্থন আগবঢ়ালে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক ।

লগতে পঢ়ক: নিজৰ দুৰ্গত চকুৰ সন্মুখতে কোনে দিলে ৰকিবুল হুছেইন গ'-বেক ধ্বনি ?

শুকুৰবাৰে নিশা চামগুৰি সমষ্টিৰ লৰিৰমুখত একত্ৰিত হৈ সমষ্টিটোৰ আলিম সমাজে কংগ্ৰেছৰ বিপৰীতে বিজেপিক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । চামগুৰি সমষ্টিৰেই শতাধিক আলিম একত্ৰিত হৈ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ ৰকিবুল হুছেইনৰ পৰিয়ালৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে ।

কেৱল এয়াই নহয়, কংগ্ৰেছৰ শাসনকালতে সংখ্যালঘু সম্প্ৰদায়ৰ বাবে ডিটেনশ্যন কেম্প নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন কৰে চামগুৰি সমষ্টিৰ আলিম সমাজে । বছৰ বছৰ ধৰি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে কংগ্ৰেছক সমৰ্থন কৰি অহাৰ কথাও উল্লেখ কৰি কংগ্ৰেছৰ কাৰ্যকালত অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱা বুলিও মন্তব্য কৰে আলিম সমাজে ।

লগতে পঢ়ক: চামগুৰি উপ-নিৰ্বাচন: কোন গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান ?

ব্যক্তিগত মাদ্ৰাছাৰ শিক্ষক, মছজিদৰ ইমামসহ চামগুৰি সমষ্টিৰ পাঁচ শতাধিক মৌলানা, আলিম একত্ৰিত হৈ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ৰ বাবে দোৱা-প্ৰাৰ্থনাও কৰে মৌলানা, আলিমসকলে । আলিম সমাজৰ দোৱা অনুষ্ঠানত অংশ লৈ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই আৰ্শীবাদ বিচৰাৰ কথা উল্লেখ কৰে । লগতে মুছলমান সমাজত বিজেপিৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক দলে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে বিজেপিৰ সব কা ছাথ সব কা বিকাশ নীতিৰ বিষয়ে আলোচনা কৰাৰ কথাও উল্লেখ কৰে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ।

উল্লেখ্য যে, সুদীৰ্ঘ সময় কংগ্ৰেছৰ দখলত থকা চামগুৰি সমষ্টিৰ আলিম সমাজে হঠাৎ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক সমৰ্থন কৰাত চামগুৰি সমষ্টিৰ ৰাজনীতিত সৃষ্টি হৈছে নতুন আলোড়নৰ ।

লগতে পঢ়ক: এসময়ৰ ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰ বিৰুদ্ধে চামগুৰিত প্ৰচাৰ চলাবনে হিমন্ত বিশ্ব শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.