তিল খোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী ইয়াৰ বিষয়ে নজনা লোক হয়তো খুব কমেই ওলাব ৷ তিলক ভাৰতীয় খাদ্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় ৷ বিশেষকৈ শীতকালত মানুহে ইয়াক বেছিকৈ খায় কাৰণ ইয়াৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ থাকে ৷ অসমীয়া সমাজতো তিলৰ এক বিশেষ মহত্ব আছে ৷ ইয়াৰ পৰা তৈয়াৰ কৰা লাৰু-পিঠা পুহ মহীয়া জাৰত বিশেষকৈ মাঘৰ বিহুৰ সময়ত খাবলৈ বহুতে পচন্দ কৰে ৷
কাৰণ ই আমাৰ শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাত সহায় কৰে ৷ তিলত প্ৰ’টিন, ফাইবাৰ, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ আৰু ভিটামিন বি আদি পুষ্টিকৰ উপাদান থাকে, যি শৰীৰৰ সামগ্ৰিক বিকাশৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত হয় ৷ সেয়ে ইমানবোৰ গুণেৰে সমৃদ্ধ তিলক ছুপাৰফুড বুলি গণ্য কৰা হয় ৷ গতিকে শীতকালত তিল খালে কি কি উপকাৰিতা সাধন হয় জানো আহক-
তিল খোৱাৰ উপকাৰিতা
হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি- পলিঅনচেচুৰেটেড ফেটি এচিড আৰু এন্টিঅক্সিডেন্ট তিলত পোৱা যায়, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷ ই কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত হাৰ্ট এটেকৰ দৰে সমস্যাৰ সম্ভাৱনা কম হয় ৷
হজম শক্তি উন্নত কৰে- তিলত ভালে পৰিমাণৰ আঁহ থাকে, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে ৷ ই কোষ্ঠকাঠিন্যৰ দৰে সমস্যা ৰোধ কৰাত সহায় কৰে ৷
হাড়ৰ শক্তি- তিলত ভালে পৰিমাণৰ কেলচিয়াম, মেগনেছিয়াম আৰু জিংক থাকে, যিয়ে হাড় মজবুত কৰাত সহায় কৰে ৷ ইয়াৰ ফলত অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা কম হয় ৷ সেয়ে আমি শীতকালত তিল খাব লাগে ৷
ওজন ব্যৱস্থাপনা- তিলত আঁহ আৰু স্বাস্থ্যকৰ চৰ্বি পোৱা যায়, যাৰ ফলত পেটটো দীৰ্ঘ সময়লৈকে ভৰি থকা অনুভৱ হয়, ইয়াৰ বাবে অপ্ৰয়োজনীয় খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিব পাৰি ৷ ইয়াৰ দ্বাৰা ওজন নিয়ন্ত্ৰণতো সহায় হয় ৷
ছাল আৰু চুলিৰ বাবেও উপকাৰী- তিলৰ তেলে ছালক আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে আৰু সুস্থ কৰি ৰাখে ৷ ই চুলি সোনকালে দীঘল কৰাতো সহায় কৰে আৰু উফি কমোৱাত সহায় কৰে ৷ বিশেষকৈ শীতকালত প্ৰয়োগ কৰিলে শুকান হোৱাৰ কোনো সমস্যা নহয় ৷
ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ- তিলত ভালে পৰিমাণৰ আঁহ পোৱা যায় ৷ যাৰ ফলত ই ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যিয়ে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ৷