ETV Bharat / state

কংগ্ৰেছ চৰকাৰৰ দিনত 'D' ভোটৰ সৃষ্টি !

জনীয়াৰ উপ নিৰ্বাচনক লৈ শংকিত কংগ্ৰেছ । জনীয়াত কংগ্ৰেছৰ আগৰ দৰে নাই ভোট বেংক । জনীয়াত কংগ্ৰেছ, ইউ ডি এফ আৰু বিজেপিৰ লগত হ'ব ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ । কংগ্ৰেছ চৰকাৰৰ দিনত 'D' ভোটৰ সৃষ্টি । কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী বৈঠকত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

author img

By

Published : Sep 7, 2019, 10:22 PM IST

কংগ্ৰেছ চৰকাৰৰ দিনত 'D' ভোটৰ সৃষ্টি!!

জনীয়া, 7 চেপ্তেম্বৰঃ শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়াত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী বৈঠক অনুষ্ঠিত হয় । বৰপেটা জিলা সমিতিৰ সভাপতি শান্তনু শৰ্মাৰ সভাপতিত্বত কলগাছিয়াস্থিত ভূপেন হাজৰিকা উদ্যানত অনুষ্ঠিত কংগ্ৰেছৰ এখন নিৰ্বাচনী বৈঠক ৷ এই বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰা ৷ এই সভাত জনীয়া সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলৰ সকলো পৰ্য্যায়ৰ নেতা-কৰ্মী সকলক উপ-নিৰ্বাচনৰ বাবে সাঁজু হ'বলৈ আহ্বান জনায় কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । তেওঁ ভাষণ প্ৰসংগত কয় যে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ, ইউ ডি এফ আৰু বিজেপিৰ লগত ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ হ'ব ৷ লগতে সভাপতি গৰাকীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে বৰ্তমান জনীয়াত কংগ্ৰেছৰ ভোট বেংক নাই ৷ অসমত কংগ্ৰেছ দলৰ শাসন কালত বহু বৈধ ভাৰতীয় লোকক 'ডি' ভোটাৰ সজোৱা হৈছে বুলি অকপটে স্বীকাৰ কৰাৰ লগতে সংখ্যালঘু অধ্যুষিত এলেকা কলগাছিয়াত উপস্থিত হৈ নিজকে লজ্জিত বুলিও মন্তব্য আগবঢ়াই । সভাত বিজেপি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাসক হনুমান ভক্ত বুলি ইতিকিং কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ।

কংগ্ৰেছ চৰকাৰৰ দিনত 'D' ভোটৰ সৃষ্টি!!
কংগ্ৰেছ কৰ্মী সকলৰ মাজত অনুষ্ঠিত হোৱা নিৰ্বাচনী বৈঠক খনত ব্যবহৃত হোৱা কোনো এখন বেনাৰ পোষ্টাৰত ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তৰুণ গগৈৰ ফটো নথকা সন্দৰ্ভত তৰুণ গগৈ মুক্ত কংগ্ৰেছ কৰা হৈ আছে নেকি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সভাপতি বৰাই কয় যে, যিহেতু কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ সভাপতি সকলক লৈ এই বৈঠক কৰা হৈছে তাৰ বাবেহে তেওঁৰ ফটো নাই বুলি গা এৰা মন্তব্য আগবঢ়াই । তৰুণ গগৈয়ে এন আৰ চি পেলনীয়া কাগজৰ তুলনা কৰা সন্দৰ্ভত কি ক'ব বুলি সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত কয় যে, সেইয়া দলৰ নহয় তেওঁৰ ব্যক্তিগত মন্তব্য ।

Intro:slug: as_jania_7sep_congress_fearful_for_by_election_vis4+byt1+ph1_story_asv10058

Anchor: জনীয়াৰ উপ নিৰ্বাচনক লৈ শংকিত কংগ্ৰেছ। জনীয়াত কংগ্ৰেছৰ আগৰ দৰে নাই ভোট বেংক। জনীয়াত কংগ্ৰেছ, ইউ ডি এফ আৰু বিজেপিৰ লগত হ'ব ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ। কংগ্ৰেছ চৰকাৰৰ দিনত 'D' ভোটৰ সৃষ্টি। এই মন্তব্য কংগ্ৰেছৰ অসম সভাপতি ৰিপুণ বৰাৰ।Body:slug: as_jania_7sep_congress_fearful_for_by_election_vis4+byt1+ph1_story_asv10058

VO: শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়াত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী বৈঠক অনুষ্ঠিত হৈ যায়। বৰপেটা জিলা সমিতিৰ সভাপতি শান্তনু শৰ্মাৰ সভাপতিত্বত কলগাছিয়াস্থিত ভূপেন হাজৰিকা উদ্যানত অনুষ্ঠিত কংগ্ৰেছৰ এখন নিৰ্বাচনী বৈঠকত অসম কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি জনীয়া সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলৰ সকলো পৰ্য্যায়ৰ নেতা-কৰ্মী সকলক উপ-নিৰ্বাচনৰ বাবে সাঁজু হ'বলৈ আহ্বান জনায়। তেওঁ ভাষণ প্ৰসংগত কয় যে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ, ইউ ডি এফ আৰু বিজেপিৰ লগত ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ হ'ব মন্তব্য কৰি বৰ্তমান জনীয়াত কংগ্ৰেছৰ ভোট বেংক নাই বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লগতে অসমত কংগ্ৰেছ দলৰ শাসন কালত বহু বৈধ ভাৰতীয় লোকক 'ডি' ভোটাৰ সজোৱা হৈছে বুলি অকপটে স্বীকাৰ কৰাৰ লগতে সংখ্যালঘু অধ্যুষিত এলেকা কলগাছিয়াত উপস্থিত হৈ নিজকে লজ্জিত বুলিও মন্তব্য আগবঢ়ায়। সভাত বিজেপি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাসক হনুমান ভক্ত বুলি ইতিকিং কৰে। কংগ্ৰেছ কৰ্মী সকলৰ মাজত অনুষ্ঠিত হোৱা নিৰ্বাচনী বৈঠক খনত ব্যবহৃত হোৱা কোনো এখন বেনাৰ পোষ্টাৰত ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তৰুণ গগৈৰ ফটো নথকা সন্দৰ্ভত তৰুণ গগৈ মুক্ত কংগ্ৰেছ কৰা হৈ আছে নেকি সাংবাদিকে সুধা এক প্ৰশ্নৰ উত্তৰত সভাপতি বৰাই কয় যে, যিহেতু কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ সভাপতি সকলক লৈ এই বৈঠক কৰা হৈছে তাৰ বাবেহে তেওঁৰ ফটো নাই বুলি গা এৰা মন্তব্য আগবঢ়ায়। তৰুণ গগৈয়ে এন আৰ চি পেলনীয়া কাগজৰ তুলনা কৰা সন্দৰ্ভত কি ক'ব বুলি সাংবাদিকে সুধা আন এক প্ৰশ্নৰ উত্তৰত কয় যে, সেইয়া দলৰ নহয় তেওঁৰ ব্যক্তিগত মন্তব্যহে। Conclusion:slug: as_jania_7sep_congress_fearful_for_by_election_vis4+byt1+ph1_story_asv10058

Byte: ৰিপুণ বৰাৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাতৰ অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.