ETV Bharat / state

সৰ্থেবাৰীৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকালৈ উপহাৰ মুখ্যমন্ত্ৰীৰ - আদৰ্শ কৃষক দম্পতীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপহাৰ

আদৰ্শ কৃষক দম্পতীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপহাৰ ৷ মুখ্যমন্ত্ৰীৰ পৰা উপহাৰ লাভ কৰি আনন্দিত সৰ্থেবাৰীৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকা আৰু পত্নী জয়া বৰগোঁহাই ৷ চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে আদৰ্শ কৃষকগৰাকীলৈ কি পঠিয়ালে উপহাৰৰ টোপোলাত ?

মুখ্যমন্ত্ৰী শৰ্মাৰ স্বাক্ষৰিত এখন পত্ৰ
মুখ্যমন্ত্ৰী শৰ্মাৰ স্বাক্ষৰিত এখন পত্ৰ
author img

By

Published : Oct 25, 2021, 9:01 AM IST

বৰপেটা, 25 অক্টোবৰ : আদৰ্শ কৃষক দম্পতীলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপহাৰ ৷ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কামাৰপাৰাৰ বাসিন্দা পৰমেশ্বৰ ডেকালৈ ডাকযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই উপহাৰ প্ৰেৰণ কৰে ৷ উপহাৰৰ টোপোলাটোত আছে মুখ্যমন্ত্ৰী শৰ্মাৰ স্বাক্ষৰিত এখন পত্ৰৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অনুবাদ কৰা এখন গ্ৰন্থ ৷

মুখ্যমন্ত্ৰী শৰ্মাৰ স্বাক্ষৰিত এখন পত্ৰ
মুখ্যমন্ত্ৰী শৰ্মাৰ স্বাক্ষৰিত এখন পত্ৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা এনে উপহাৰ লাভ কৰি স্বাভাৱিকতে আনন্দিত হৈ পৰে আদৰ্শ কৃষকগৰাকী ৷ তদুপৰি পৰমেশ্বৰ ডেকাই মুখ্যমন্ত্ৰী শৰ্মাক এনে উপহাৰ প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

আদৰ্শ কৃষক পৰমেশ্বৰ ডেকালৈ উপহাৰ মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, কামাৰপাৰাৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক পৰমেশ্বৰ ডেকা আৰু পত্নী জয়া বৰগোঁহায়ে সৰ্থেবাৰী অঞ্চলৰ লগতে সমগ্ৰ জিলাতে কৃষি বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷ ২০১৭ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰমেশ্বৰ ডেকাক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা ৷ ঋতুকালীন বিভিন্ন পাচলি খেতিৰ লগতে বিভিন্ন প্ৰজাতিৰ ধান, সৰিয়হৰ খেতি কৰিও স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আদৰ্শ কৃষক দম্পতীয়ে ৷ ডেকাই অসমৰ উপৰিও বিভিন্ন ৰাজ্যত কৃষি সম্পৰ্কীয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বিভিন্ন বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক: ৰাজহুৱা স্থানত বঙালী ভাষা ব্যৱহাৰ কৰাৰ বিৰোধ শৃংখল চলিহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.