ETV Bharat / state

অসম আৰক্ষীৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী - ৰবেন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বজালীৰ হাঠিনাপুৰৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মঙলবাৰে নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে ৷

অসম আৰক্ষীৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী

author img

By

Published : Nov 4, 2020, 6:51 AM IST

পাঠশালা, 4 নৱেম্বৰ : বিগত 18 অক্টোৱৰত মানকাছাৰত গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই অকাল মৃত্যুক আঁকোৱালি লৈছিল অসম আৰক্ষীৰ বীৰ জোৱান ৰবেন দাসে ৷ মঙলবাৰে নিশা বজালীৰ হাঠিনাপুৰস্থিত শ্বহীদ ৰবেন দাসৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে l

বজালীৰ হাঠিনাপুৰৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

লগতে পঢ়ক : ভাৰত-বাংলা সীমান্তত অকাল মৃত্যুক সাৱটিলে অসম আৰক্ষীৰ জোৱান

মূখ্যমন্ত্ৰীৰ এই ভ্ৰমণত সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে l সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ বীৰ জোৱান ৰবেন দাসৰ প্ৰতিচ্ছবিৰ আগত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে শ্বহীদ আৰক্ষী জোৱানজনৰ মাতৃক প্ৰণিপাত জনাই ৷ শ্বহীদৰ মাতৃয়ে আদৰেৰে মুখ্যমন্ত্ৰী গৰাকীক গামোছাৰে আদৰণি জনায় l ইয়াৰ পিছতে পৰিয়ালৰ সদস্যৰ ক্ষেত্ৰত সংস্থাপনৰ দিহা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে পূৰ্ব ঘোষিত 10 লাখ টকা পৰিয়ালটোৱে পাব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে l শ্বহীদ ৰবেন দাস অসম আৰক্ষীৰ গৌৰৱ বুলি অভিহিত কৰে সৰ্বানন্দ সোণোৱালে l

উল্লেখযোগ্য যে অতি দুখীয়া পৰিয়ালৰ ৰবেন দাস নামৰ 23 বছৰীয়া জোৱানজনে মাথো দুবছৰ পূৰ্বে চাকৰি পাইছিল আৰু পৰিয়ালটোৱে দুবেলা দুমুঠি আহৰণ কৰিবলৈ সক্ষম হৈছিল l

লগতে পঢ়ক : বজালীৰ শ্বহীদ ৰবেন দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.