ETV Bharat / state

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক 'জন শিৰোমণি' উপাধি প্ৰদান - শংকৰদেৱ সত্ৰ

মঙলবাৰে পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰ আৰু শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himnta Biswa Sarma) ৷ বৰদোৱা সত্ৰৰ দৰে পাটবাউসীৰ এই সত্ৰ দুখনতো শীঘ্ৰেই বৃহৎ প্ৰকল্প স্থাপনৰ কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷

cm at patbaushi satra
পাটবাউসী সত্ৰত মুখ্যমন্ত্ৰী
author img

By

Published : Aug 3, 2021, 5:00 PM IST

বৰপেটা, 3 আগষ্ট : বৰপেটা জিলাৰ পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰত মঙলবাৰে উপস্থিত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (Sankardev)ৰ কৰ্মস্থলীস্বৰূপ পাটবাউসী সত্ৰত শংকৰদেৱে ব্যৱহাৰ কৰা সংৰক্ষিত সামগ্ৰীসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himnta Biswa Sarma)ই ৷ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বৰদোৱা সত্ৰৰ দৰে পাটবাউসী সত্ৰত বৃহৎ প্ৰকল্প স্থাপনৰ কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

পাটবাউসী সত্ৰত মুখ্যমন্ত্ৰী

লগতে পঢ়ক : জুলাই মাহত গুৱাহাটীত জেলত সোমাল 31 গৰাকী

পাটবাউসীৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ দৰ্শন কৰি শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷ পৰিবহন আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Chandra Mohan Patowary)ৰ সৈতে পাটবাউসীৰ সত্ৰখনত উপস্থিত হৈ সেৱা লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ পাচতেই সত্ৰত নাম-প্ৰসংগ অনুষ্ঠিত কৰে ভকতবৃন্দই ৷

পাটবাউসীৰ শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰই ‘জন শিৰোমণি’ উপাধি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰৰ লগতে শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰকো সামৰি ৰাজ্য চৰকাৰে বৃহৎ প্ৰকল্প স্থাপনৰ কাম আৰম্ভ কৰিব ৷ এই সম্পৰ্কে ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত প্ৰকল্পৰ কথা ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷

লগতে পঢ়ক : ঈশান উদয় ছাত্ৰ বৃত্তি কেলেংকাৰীৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.