ETV Bharat / state

Clash over fishing in Kalgachia: মাছ মৰালৈ দুই পক্ষৰ মাজত সংঘৰ্ষ; 4জনৰ অৱস্থা সংকটজনক

author img

By

Published : Jun 27, 2022, 2:17 PM IST

কলগাছিয়াৰ ছিকাটাৰী পাথাৰ গাঁৱত মাছ মৰাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট(Clash over fishing in Kalgachia) । মাৰপিটত আহত 5 জনক ততাতায়াকৈ বৰপেটা অসামৰিক চিকিৎসালয় ভৰ্তি । কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ ।

two groups clash over fish hunting in kalgachia
কলগাছিয়াত মাছ মৰালৈ দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট

জনীয়া, 27 জুন: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ছিকাটাৰী পাথাৰ গাঁৱত মাছ মৰাক কেন্দ্ৰ কৰি দেওবাৰে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়(Clash over fishing in Kalgachia) । দেওবাৰে বিয়লি নুৰ আলীয়ে নিজৰ পট্টাৰ মাটিত জালেৰে মাছ মাৰি থকা অৱস্থাত ছিকাটাৰী পাথাৰ গাঁৱৰ নজৰুল ইছলাম নামৰ ব্যক্তিজনে মাছ মৰাত বাধা প্ৰদান কৰে ৷ ইয়াৰ পাছতে প্ৰথমে দুয়োৰে মাজত তৰ্ক বিতৰ্কৰ সূত্ৰপাত হয় ।

এই তৰ্ক বিতৰ্কক কেন্দ্ৰ কৰি প্ৰতিপক্ষ নজৰুল ইছলামৰ নেতৃত্বত নবিৰ উদ্দিন, নুৰ ইছলাম, আজিবৰ ৰহমান, মগৰব আলী, নৌসাদ আলী, ছাইদুল ইছলাম আৰু মহম্মদ আলীয়ে হাতে হাতে লাঠী লৈ নুৰ আলমক আগুচি ধৰি লাঠিৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণত নুৰ আলী গুৰুত্বৰভাৱে আহত হয় ।

আক্ৰমণৰ ঘটনাটো প্ৰত্যক্ষ কৰি নুৰ আলমৰ আত্মীয় ক্ৰমে ৰহিজ উদ্দিন, ওহিয়া খাতুন, আজিবৰ ৰহমান, ভতিজা ছোৱালী আৰু ৰোহিতন নেচাই আগবাঢ়ি যায় যদিও প্ৰতিপক্ষই আক্রমণ কৰি আটাইকে ৰক্তাক্ত কৰি পেলায় । তেওঁলোকে পৰিয়ালটোক মাৰি পেলোৱাৰো ভাবুকি দিয়ে । পিছমুহূৰ্তত ৰাইজে ততাতৈয়াকৈ আটাইকে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷

আহতসকলৰ চাৰিজনৰ অৱস্থা সংকজনক বুলি জানিব পৰা হৈছে । ভুক্তভোগীৰ পৰিয়ালটোৱে ন্যায় বিচাৰি দেওবাৰে নিশা কলগাছিয়া আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে(kalgachia police station) ।

লগতে পঢ়ক : 50 হাজাৰ টকা চুৰ কৰি ৰঙাঘৰত সোমাল বীৰেন্দ্ৰ-ঋষি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.