ETV Bharat / state

কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰকলৈ উত্তেজনা

author img

By

Published : Aug 24, 2020, 5:24 AM IST

শ্মশানত কৰ’ণাত মৃত্যু ঘটা এগৰাকী ৰোগীৰ মৃতদেহ সৎকাৰ কৰাকলৈ উত্তপ্ত পৰিস্থিতি ৷ পৰৱৰ্তী সময়ত কাৰ্যবাহী দণ্ডাধীশ আৰু আৰক্ষীৰ বৃহৎ দল এটা শ্মশানত উপস্থিত হৈ ৰাইজক বুজনি দিয়ে ৷

corona
কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰকলৈ উত্তেজনা

বৰপেটাৰোড, 23 আগষ্ট : কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটা এগৰাকী ৰোগীৰ মৃতদেহ শ্মশানত সৎকাৰ কৰাকলৈ বৰপেটাৰোডত উত্তপ্ত পৰিস্থিতি ৷ বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যবাহী দণ্ডাধীশ পাৰ্থপ্ৰতিম খনিকৰ আৰু বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাস শ্মশানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

corona
কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰকলৈ উত্তেজনা

জানিব পৰা মতে, মৃত ৰোগী গৰাকী বৰপেটাৰোডৰ হৰতকি তলাৰ বাসিন্দা যদিও দীৰ্ঘদিন ধৰি গুৱাহাটীত বসবাস কৰি আছিল ৷ কিন্তু কৰ’ণাত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু ঘটাত পৰিয়ালৰ লোকে দেওবাৰে মৃতদেহটো সৎকাৰ কৰাৰ বাবে বৰপেটাৰোডৰ শ্মশানলৈ লৈ আহে ৷ মৃতদেহটো শ্মশানৰ চিতাত তোলে যদিও মৃতদেহটো অৰ্ধদগ্ধ হোৱা অৱস্থাত স্থানীয় ৰাইজে আহি বাধা প্ৰদান কৰে ৷ ফলত শ্মশান স্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

পৰৱৰ্তী সময়ত কাৰ্যবাহী দণ্ডাধীশ আৰু আৰক্ষীৰ বৃহৎ দল এটা শ্মশানত উপস্থিত হৈ ৰাইজক বুজনি দিয়ে ৷ লগতে সোমবাৰে কলহভাঙাস্থিত এই শ্মশান অঞ্চলটো প্ৰশাসনৰ ফালৰ পৰা ছেনিটাইজ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পাচতহে মৃতদেহটো পুনৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : মানকাচৰত জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.