জনীয়া, 11 জুলাই : কলগাছিয়াৰ চৰিয়তপুৰত ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে । দুই ফৈদৰ সংঘাতৰ পৰিণতিত হাতুৰুৰ কোবত গুৰুৰভাৱে আহত হ’ল এজন । ঘটনা অনুসৰি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাটাট্টাৰী গাঁৱৰ আছান আলীৰ কন্যা আছাতন নেছাৰ চৰিয়তপুৰ গাঁৱৰ বাদশা মিঞাৰ লগত প্ৰায় দুবছৰ পূৰ্বে বিবাহ সম্পন্ন হৈছিল ৷
কিন্তু মহিলাগৰাকীক স্বামী গৃহৰ লোকে অত্যাচাৰ কৰা বুলি অভিযোগ তুলি বুধবাৰে স্বামী বাদশা মিঞাৰ ঘৰত সামাজিক মেল বহে । এই সামাজিক মেলতে দুই ফৈদৰ মাজত প্ৰথমাৱস্থাত বাক্-বিতণ্ডাৰ সৃষ্টি হয় ৷ আৰু এই বাক্-বিতণ্ডাই পৰৱৰ্তী সময়ত মাৰপিটৰ ৰূপ লয় । ঘটনাস্থলীত মহিলাগৰাকীৰ পক্ষৰ লোকে তেওঁৰ দেৱৰ ওমৰ আলী (২৬) ক হাতুৰিৰে কোৱাই গুৰুতৰভাৱে আহত কৰে ।
এই মাৰপিটৰ ঘটনাৰ পাচতেই ছোহৰাব আলী নামৰ এজন ড্ৰাইভাৰে AS01EU4684 নম্বৰৰ এখন চাৰিচকীয়া বাহনেৰে মহিলা আছাতন নেছাক লৈ পলাই যাবলৈ চেষ্টা কৰে ৷
কিন্তু বালিকুৰি গাঁৱৰ স্থানীয় ৰাইজে মিলি ছোহৰাব আলীক অপহৰণকাৰী বুলি আটক কৰি উত্তম মধ্যম শোধাই বালিকুৰি আৰক্ষীক গতাই দিয়ে । ইফালে হাতুৰিৰে কোবাই আহত ওমৰ আলীক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও অৱস্থা সংকটজনক হোৱাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
ঘটনাৰ লগত জড়িত থকা দোষী ব্যাক্তিক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ভূক্তভোগীৰ আত্মীয়ই দাবী উত্থাপন কৰিছে । এই ঘটনাক কেন্দ্ৰ কৰি বালিকুৰিতো তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: তিনিচুকীয়াত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ চাৰি দুৰ্ধর্ষ NSCN কেডাৰ