ETV Bharat / state

জনীয়াত নাগৰিক সভাঃ 14 টা বিষয়ৰ ওপৰত আলোচনা আৰু সিদ্ধান্ত

author img

By

Published : Oct 4, 2020, 7:06 PM IST

জনীয়াত ৰাজ্য ভিত্তিত নাগৰিক সভা ৷ চৰকাৰে প্ৰণয়ন কৰা কেতবোৰ আইন আৰু নীতি সন্দৰ্ভত অনুষ্ঠিত এই সভা ৷

Citizen Meeting At Barpeta District Jania
জনীয়াত নাগৰিক সভা

জনীয়া, 4 অক্টোবৰ : অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে দেওবাৰে বামুনটাৰীৰ উদমাৰীস্থিত আতাউৰ ৰহমান কলেজ অৱ ইডুকেশ্বনত ৰাজ্য ভিত্তিত সচেতন নাগৰিকৰ উদ্যোগত বিশেষ নাগৰিক সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাতে চৰকাৰে প্ৰস্তুত কৰা ভূমি নীতি সম্পৰ্কে আলোচনা আৰু কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে, NRC ত বাদ পৰা 19 লাখ লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত লেহেমীয়া হোৱা আৰু NRC ৰ কাৰ্ড প্ৰদান সম্পৰ্কে আলোচনা কৰা হয় ।

জনীয়াত নাগৰিক সভা

লগতে পঢ়ক : জখলাবন্ধা আৰক্ষীৰ জালত দুই গৰু চোৰ

আনহাতে, কৃষকৰ ওপৰত জাপি দিয়া আইন সন্দৰ্ভতো আলোচনা আগবঢ়াই উক্ত সভাত । ইফালে, অসম চুক্তিৰ 6 নং দফা সম্পৰ্কে আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰে সভাত । বি টি আৰ চুক্তি, বৈধ ভাৰতীয় নাগৰিকক ডি ভোটাৰ কৰি বাংলাদেশী সজাই ডিটেনশ্বন কেম্পত ভৰাই ৰখাৰ লগতে 14 টা বিষয়ৰ ওপৰত আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজিৰ এই নাগৰিক সভা অনুষ্ঠিত কৰা হয় ।

জনীয়াত নাগৰিক সভা

লগতে পঢ়ক : নিৰ্দোষীক আটকক লৈ বৰখলা আৰক্ষী চকীত উত্তেজনা

উল্লেখ্য যে, সভাত সভাপতিত্ব কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ অন্যতম নেতা লিয়াকৎ খান আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আব্দুল আওৱালে । সভাত ভালে সংখ্যক নেতৃস্থানীয় ব্যক্তি লগতে ভালে সংখ্যক সচেতন লোক উপস্থিত থাকি বিষয়ৰ ওপৰত আলোচনা আগবঢ়ায় ।

লগতে পঢ়ক : প্ৰয়াত ইৰফান খানৰ সৈতে থকা ‘তিতা-মিঠা’ স্মৃতি শ্বেয়াৰ পুত্ৰ বাবীলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.