ETV Bharat / state

বৰপেটাত শিশু দিৱসত মঞ্চস্থ হ’ব 'ওমলা বেলিৰ ৰং'

author img

By

Published : Nov 13, 2021, 10:39 PM IST

শিশু দিৱস উপলক্ষে বৰপেটাৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে চলাইছে এক অভিনৱ প্ৰয়াস ৷ শিশুসকলক লৈ শিক্ষা বিভাগৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে মঞ্চস্থ কৰিবলৈ লৈছে 'ওমলা বেলিৰ ৰং' নামৰ এখন বিশেষ নাট ৷

childrens-day-special-program-at-barpeta
বৰপেটাত শিশু দিৱসত মঞ্চস্থ হ’ব 'ওমলা বেলিৰ ৰং'

বৰপেটা, ১৩ নৱেম্বৰ : ১৪ নৱেম্বৰত দেশজুৰি পালন কৰা হ’ব শিশু দিৱস ৷ শিশু দিৱস উপলক্ষে বৰপেটাৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰিছে ওমলা বেলিৰ ৰং শীৰ্ষত এখন নাট ৷

কৰ’ণা মহামাৰী আৰু লকডাউনে কঢ়িয়াই অনা ভয়াৱহ সংকট, অনলাইন শিক্ষা আৰু দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ এনড্ৰয়েড মোবাইলৰ সমস্যাসমূহক লৈ মঞ্চস্থ কৰা হ’ব নাটখন ৷

প্ৰশান্তজ্যোতি দাসৰ ৰচনা আৰু সত্যেন দাসৰ পৰিচালনাৰে সন্ধিয়া ৫ বজাত মঞ্চস্থ কৰিবলৈ লোৱা নাটখনৰ বৰ্তমান আখৰা চলি আছে ৷

সাম্প্ৰতিক সময়ৰ সংকট আৰু সমস্যাক সমাজৰ আগত তুলি ধৰাৰ বাবে বৰপেটাৰ শিক্ষা বিভাগৰ কৰ্মচাৰীসকলে এই অভিনৱ প্ৰয়াসৰ সহযোগী হ’বলৈ আৰু নাটখন উপভোগ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে নাটখনৰ সৈতে জড়িত শিল্পীসকলে ৷

লগতে পঢ়ক : গৰুখুটিৰ বেদখল চলোৱাৰ কথা নিজেই কৰিলে স্বীকাৰ বেদখলকাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.