বৰপেটা,30মে':লক ডাউনৰ মাজতে আধ্যাত্মিক গুৰু কৃষ্ণগুৰুৰ 86সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষে আজি বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কৃষ্ণগুৰু সেৱাশ্ৰমৰ সুৱৰ্ণ কুড়ত নাম-জপ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ গুৰুগৃহত অন্ন গ্ৰহণ কৰি প্ৰায় দুঘন্টা সময় আশ্ৰমত অতিবাহিত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।উল্লেখযোগ্য যে,আজি কৃষ্ণ সেৱাশ্ৰমত মাত্ৰ কেইগৰাকীমান ভকতৰ উপস্থিতিত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছিল কৃষ্ণগুৰুৰ আৱিৰ্ভাৱ তিথি । আনহাতে আজি সংবাদমাধ্যমৰ পৰা আঁতৰি থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷আশ্ৰমৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰৱেশ পৰ্যন্ত নিষিদ্ধ কৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে ।
লগতে পঢ়কঃকেৰালাৰ পৰা উড়িষ্যালৈ 169 গৰাকী যুৱতীক বিমানেৰে পঠিয়ালে অভিনেতা চনু চুডে