ETV Bharat / state

চেঙাত হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান

author img

By

Published : May 19, 2021, 12:43 PM IST

চেঙা ঐক্য সন্মিলনৰ উদ্যোগত এটা দলে হোম কোৱাৰেণ্টাইনত থকা লোকৰ স্বাস্থ্যৰ বুজ লৈ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে মহকুমা স্বাস্থ্য বিষয়াৰ সৈতে চেঙাত ক্ৰমবৰ্ধিত কৰ'ণা সংক্ৰমণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।

হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালক খাদ্য-সামগ্ৰী যোগান চেঙা ঐক্য সন্মিলনৰ

বৰপেটা,19 মে’: বৰপেটা জিলাৰ চেঙা ঐক্য সন্মিলনৰ উদ্যোগত এটা দলে হোম কোৱাৰেণ্টাইনত থকা লোকৰ স্বাস্থ্যৰ বুজ লৈ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে ৷ তদুপৰি মঙলবাৰে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত চেঙা আঞ্চলিক ছাত্ৰ সন্থা আৰু আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ সহযোগত চেঙাত ক্ৰমবৰ্ধিত কৰ'ণাৰ সংক্ৰমণ সন্দৰ্ভত মহকুমা স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলামৰ সৈতে আলোচনাত মিলিত হয় ।

চেঙাত হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান

জানিব পৰা মতে, উক্ত আলোচনাত চেঙা অঞ্চলত কৰ'ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কৌশল নিৰ্ধাৰণ তথা ক'ভিড প্ৰতিষেধকৰ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় । ইয়াৰ পাচতেই চেঙা ঐক্য সন্মিলনৰ নেতৃত্বত যোৱা দলটোৱে কৰ'ণাত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয় ৷ লগতে কৰ’ণা আক্ৰান্তৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে । ইয়াৰ সমান্তৰালকৈ এই জটিল সময়ত সকলোকে চৰকাৰী নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই চেঙা ঐক্য সন্মিলনে ।

লগতে পঢ়ক: ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.