বৰপেটা ২ এপ্ৰিল: তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ক্ৰমাৎ তীব্ৰ হৈ পৰিছে প্ৰচাৰ অভিযান ৷ চেঙা সমষ্টিত কংগ্ৰেছ বিধায়ক শুকুৰ আলী আহমেদৰ ভেঁটিত কঁপনি তুলি শুকুৰবাৰে এ আই ইউ ডি এফে উলিয়ায় এক বিশাল বাইক ৰেলী ৷
বহৰিৰ মাদ্ৰাছা চ'কৰ পৰা ওলোৱা ৰেলীত হাজাৰ হাজাৰ মটৰ চাইকেল আৰোহীৰ লগতে শতাধিক চাৰিচকীয়া বাহনেও অংশগ্ৰহন কৰে ৷ আশ্ৰাফুল হুছেইনক সন্মুখত লৈ প্ৰায় ১০ কিলোমিটাৰ জোৰা বিশাল বাইক ৰেলীয়ে চেঙাত এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনে ৷
এইবাৰ চেঙাত শুকুৰ আলী আহমেদৰ বিৰুদ্ধে সৃষ্টি হৈছে প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢৌ ৷ ইয়াৰে সুযোগ গ্ৰহন কৰি এ আই ইউ ডি এফৰ আশ্ৰাফুল হুছেইন সোমাই পৰিছে ভোটাৰৰ মাজত ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ সৈতে জড়িত আশ্ৰাফুল হুছেইনে প্ৰায় এমাহ পূৰ্বে এ আই ইউ ডি এফত যোগদান কৰিয়েই মহাজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক শুকুৰ আলী আহমেদৰ বিৰুদ্ধে নামি পৰিছে নিৰ্বাচনী যুঁজত ৷
লগতে পঢ়ক: অসমত গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন হ’ব: মুকুল চাংমা