ETV Bharat / state

কংগ্ৰেছক তুলাধূনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

author img

By

Published : Feb 24, 2021, 10:56 AM IST

বৰপেটাত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰালত অনুষ্ঠিত মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী পাটোৱাৰীয়ে জিলাখনৰ মহিলাসকলক সম্বোধন কৰি 189 গৰাকী জীৱিকা সখীৰ মাজত স্কুটী বিতৰণ কৰে ৷

কংগ্ৰেছৰ অসম বচাও অভিযানক সমালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

বৰপেটা,24 ফেব্ৰুৱাৰী: কংগ্ৰেছৰ অসম বচাও অভিযানক লৈ সৰৱ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ নিৰ্বাচনৰ সময়তহে কংগ্ৰেছে সাৰ পাইছে বুলি কটাক্ষ কৰি কংগ্ৰেছক অসম বচোৱাৰ বাবে ৰাইজে 15 বছৰ সময় দিছিল যদিও 15 বছৰে কিয় অসমক বচাব নোৱাৰিলে বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে ৷ বৰপেটাত অনুষ্ঠিত মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে এইদৰে সমালোচনাৰে থকা-সৰকা কৰে বিৰোধী দলটোক ৷

মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা একপ্ৰকাৰ অসহায় স্থিতিৰ কথা প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, অসম আমদানিকৃত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ থকা পৰ্যন্ত সামগ্ৰীৰ মূল্যৰ তাৰতম্য ঘটি থাকিব ৷ তেওঁ কয় যে, অসমে প্ৰায়বোৰ সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিব লাগে ৷ যাৰ পৰিপ্ৰেক্ষিতত উৎসত দাম বঢ়াৰ বাবেই ৰাজ্যতো মূল্যবৃদ্ধি হৈছে ৷ অসমবাসীয়ে মূল্যবৃদ্ধিৰ বোজা লৈ থকাৰ ক্ষেত্ৰত একপ্ৰকাৰ অসহায় অৱস্থাৰ কথা স্বীকাৰ কৰিলে শাসকীয় দলৰ মন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে মন্ত্ৰী গৰাকীয়ে কৃত্ৰিম নাটনিৰে সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লোৱাৰ কথাও প্ৰকাশ কৰে ৷

জিলাখনৰ 189 গৰাকী জীৱিকা সখীৰ মাজত স্কুটী বিতৰণ

বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ বাবেই 100+ আসন লৈ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি পাটোৱাৰীয়ে অসমৰ ৰাইজে অগপক আঞ্চলিক শক্তি হিচাপে আদৰি লোৱাৰ বিপৰীতে ৰাজ্যখনত ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি দলৰ প্ৰাসংগিকতা নাই বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: বিজেপিৰ উদ্যোগত ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.