ETV Bharat / state

বৰপেটাত প্ৰাৰ্থীকেন্দ্ৰিক সংঘাতে লৈছে অভাৱনীয় ৰূপ - বৰপেটা সমষ্টি

বৰপেটা সমষ্টিত টিকট প্ৰদানক লৈ কংগ্ৰেছৰ মাজত সৃষ্টি হোৱা সংঘাতে লৈছে অভাৱনীয় ৰূপ ৷ উল্লেখ্য যে, বৰপেটা সমষ্টিত কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষ নীতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাৰ অভিযোগ তুলি বৰপেটা জিলা কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে বৰপেটা জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ২০ মাৰ্চত তলাবন্ধ কৰি দিছিল ৷

বৰপেটা সমষ্টিত প্ৰাৰ্থী কেন্দ্ৰীক সংঘাটে লৈছে অভাৱনীয় ৰূপ

author img

By

Published : Mar 25, 2021, 6:52 PM IST

বৰপেটা,২৫ মাৰ্চ: বৰপেটা সমষ্টিত টিকট প্ৰদানক লৈ কংগ্ৰেছৰ মাজত সৃষ্টি হোৱা সংঘাতে লৈছে অভাৱনীয় ৰূপ ৷ উল্লেখ্য যে, বৰপেটা সমষ্টিত কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষ নীতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাৰ অভিযোগ তুলি বৰপেটা জিলা কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে বৰপেটা জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ২০ মাৰ্চত তলাবন্ধ কৰি দিছিল ৷

ইয়াৰ পাচতে কংগ্ৰেছ নেতৃত্বই ক্ষুব্ধ কংগ্ৰেছ কৰ্মীৰ ক্ষোভৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত ২৩ মাৰ্চত ৰাজীৱ ভৱনলৈ সোমোৱা পথ বন্ধ কৰি পকী দেৱাল নিৰ্মাণ কৰে ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে ৷ যোৱা কেইদিনৰ পৰা বৰপেটাত কংগ্ৰেছৰ টিকট প্ৰদানৰ ক্ষেত্ৰত অ-মুছলমান প্ৰসংগ আৰু ধৰ্ম নিৰপেক্ষতাক লৈ দলৰ মাজত সৃষ্টি হোৱা ক্ষোভ, অসন্তুষ্টি আৰু অন্তকন্দলক লৈ জিলা কংগ্ৰেছৰ ভিতৰচ'ৰা উত্তপ্ত হৈ আছে ৷

বৰপেটাত প্ৰাৰ্থীকেন্দ্ৰিক সংঘাতে লৈছে অভাৱনীয় ৰূপ

বৰপেটা জিলা কংগ্ৰেছৰ কৰ্মীসকলৰ ক্ষোভ আঁতৰাবৰ বাবে কংগ্ৰেছ নেতৃত্বই আজিলৈকে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ ৷ তাৰ বিপৰীতে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৰাজীৱ ভৱনৰ প্ৰৱেশ পথ বন্ধ কৰি দিয়া ঘটনাই বৰ্তমান তৎপৰ্য বহন কৰিছে ৷ আনহাতে, বৰপেটা সমষ্টিত অ-মুছলমান প্ৰাৰ্থীক টিকট প্ৰদান নকৰা সন্দৰ্ভত আব্দুল খালেকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ কৰি তেওঁ মুছলমান-অ-মুছলমান কথা পূৰ্বেও কোৱা নাই আৰু ভৱিষ্যতেও নকয় বুলি স্পষ্ট কৰি দিয়ে ৷ আনহাতে নিৰ্বাচনৰ এনে সময়ত প্ৰকৃত কংগ্ৰেছীসকল দলৰ সৈতে থাকে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

একেদৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা প্ৰাক্তন বিধায়ক ৰহিম খানে বৰপেটাত পূৰ্বকেও হিন্দু-মুছলমানৰ ভেদভাৱ নাই আৰু বৰ্তমানেও হ'ব নালাগে বুলি মন্তব্য প্ৰকাশ কৰে ৷ ৰাজীৱ ভৱন খুলি দি নেতৃত্বৰ সৈতে সোনকালে এই বিষয়ত আলোচনাত বহিব বুলি মন্তব্য কৰে কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ৰহিম খানে ৷

লগতে পঢ়ক: বিতৰ্কত ডিগবৈৰ বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.