বৰপেটা, 17 জুনঃ বৰপেটাত এগৰাকী কৰ্কট ৰোগীৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ ৰঞ্জিৎ সুত্ৰধৰ নামৰ COVID আক্ৰান্ত লোকজনৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই বুলি জানিব পৰা গৈছে ৷ কিন্তু কিছুদিন পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত লোকজনে চিকিৎসাৰ বাবে অহা-যোৱা কৰিছিল গুৱাহাটীৰ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ ৷ মঙলবাৰে প্ৰতিষ্ঠানখনত ভৰ্তি হৈ থকাৰ সময়তে লোকজনৰ দেহত ধৰা পৰে COVID-19 ৷ বুধবাৰে সন্ধিয়া তেওঁৰ ৰিপ'ৰ্ট অহাৰ লগে লগে বৰপেটা জিলা প্ৰশাসনে আক্ৰান্ত লোকজনৰ পৰিয়ালটোৰ আন আন সদস্যক হোম হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ প্ৰদান কৰে ৷
লগতে পঢ়কঃ লক ডাউনত 'আৰোগ্য যোগ কেন্দ্র'ৰ ব্যতিক্রমী পদক্ষেপ