জনীয়া , 15 জানুৱাৰী : ভোগালীৰ উলহ-মালহৰ মাজতে বৰপেটা জিলাৰ অন্তৰ্গত কলগাছিয়াৰ জনতা বজাৰত জোঁৰ সমদল । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ এই জোঁৰ সমদলৰে অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, অতুল বৰা মুর্দাবাদ, আৰ এছ এছ গ' বেক, বি জে পি চৰকাৰ গ' বেক, আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ উক্ত কাৰ্যসূচীত কালগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামৰ লগতে বিভিন্ন ছাত্ৰ সমাজৰ লগতে অংশগ্ৰহণ কৰে স্থানীয় ৰাইজে ।
আৰু পঢ়ক : বৰপেটাত বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য