বৰপেটাৰোড, 6 ফেব্ৰুৱাৰীঃ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগত CAA বাতিলৰ দাবীত বৃহস্পতিবাৰে এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয় ৷ চি পি আই এমৰ আহ্বানত সৰভোগৰ গান্ধী ময়দানত অনুষ্ঠিত হোৱা বিশাল গণ সমাৱেশত অংশগ্ৰহণ কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই ৷
সমাৱেশত অংশ গ্ৰহণ কৰি অজিত কুমাৰ ভূঞাই কয়, CAA বিৰোধী আন্দোলন স্বতঃস্ফূৰ্তভাৱে হৈছে ৷ বৰ্তমানৰ এই স্বতঃস্ফূৰ্ত আন্দোলনক সুসংগঠিত কৰিব লাগিব ৷ তাৰবাবে জাতীয় সংগঠন সমূহক এখন মঞ্চত সমবেত হৈ CAA বিৰোধী শক্তি সমূহক ঐক্যবদ্ধভাৱে একত্ৰিত হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় সাংবাদিক অজিত কুমাৰ ভূঞাই ৷ সঠিকভাৱে আন্দোলন কৰিলে সেই আন্দোলন কেতিয়াও বিফল নহয় বুলিও কয় সাংবাদিক গৰাকীয়ে ৷
আনহাতে, সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসক প্ৰত্যাহ্বান জনাই অজিত কুমাৰ ভূঞাই কয়, "ৰণজিৎ দাসে কওক এইবিলাক কণী বেপাৰী হাঁহ বেপাৰীহে ৷ অইন খিলঞ্জীয়া মানুহে আন্দোলন কৰা নাই ৷ আমি কণী বেপাৰীক মানুহ বুলি ভাৱো ৷ সন্মান দিও ৷ কিন্তু এই বিজেপি দল বণিয়া আৰু পুঁজিপতিৰ বাহিৰে কাকো চিনি নাপায় ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই ষড়যন্ত্ৰ নকৰক, যিমানেই পুলিচ নলগাওঁক, যিমানেই প্ৰলোভন নিদিওক কিয় এই আন্দোলন দিনে দিনে বাঢ়ি আহিছে আৰু বাঢ়ি থাকিব বুলিও কয় বিশিষ্ট সাংবাদিক গৰাকীয়ে ৷
উল্লেখ্য যে, সৰভোগৰ এই বিশাল গণ সমাবেশত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন সৰভোগৰ প্ৰাক্তন বিধায়ক তথা চি পি আই এম নেতা কমৰেড হেমেন দাস, উদ্ধৱ বৰ্মন, মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকে ৷
আৰু পঢ়কঃ জালুকবাৰীত প্ৰচণ্ড অগ্নিকাণ্ড