ETV Bharat / state

CAA বাতিলৰ বিক্ষোভত উথলিত ৰাজ্য

author img

By

Published : Dec 28, 2019, 9:55 PM IST

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদৰ ঢৌ ৷ ৰাজ্যৰ ভিন্ন ঠাইত আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি অইন 30 টা জাতীয় সংগঠনে প্ৰতিবাদেৰে কঁপাই তোলে আকাশ-বতাহ ৷

CAA overall protest Assam
CAA বাতিলৰ বিক্ষোভত উথলিত ৰাজ্য

লক্ষীমপুৰ, 28 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে ভিন্নৰূপী প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত লখিমপুৰ জিলাৰ বিভিন্ন স্থানত ভিন্ন প্ৰতিবাদী সভাৰে অব্যাহত গণতান্ত্ৰিক আন্দোলনৰ ৷ শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মধুপুৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে গায়ক ত্ৰৈলোক্য সোণোৱালে ৷ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত তেওঁ গীতেৰেই চৰকাৰক ধিক্কাৰ দিয়াৰ লগতে ৰাইজক আহ্বান জনালে সজাগ হ'বলৈ।

গুৱাহাটীঃ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত মহানগৰীৰ পাথৰকুৱেৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ অঞ্চলটোৰ জনতাই ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সংগঠনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় শতাধিক প্ৰতিবাদকাৰীয়ে ৷ কোনো কাৰনতে চৰকাৰে অসমৰ ওপৰত জাপি দিব খোজা এই আইন মানি নলয় বুলি সমস্বৰে হুংকাৰ দিয়ে ৷ পাথৰকুুৱেৰীৰ পৰা নাৰেংগী ফ'ৰেষ্ট গেটলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে স্থানীয় লোকসকলে ৷

শুৱালকুচিঃ শুৱালকুচিৰ বলিচৰত শুৱালকুচি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সভা ৷ এই প্ৰতিবাদী সভাত উপস্থিত থাকিব শিল্পী সমাজৰ হৈ জুবিন গাৰ্গ, বৰষা ৰাণী বিষয়াকে ধৰি প্ৰায় ৩০ জনকৈ শিল্পী ৷ লগতে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজোতি গগৈকে ধৰি বহু নেতা ৷

CAA বাতিলৰ বিক্ষোভত উথলিত ৰাজ্য

বৰপেটাঃ বৰপেটাত সংশোধিত নাগৰিকত্ব আইন বিৰোধী গণ অৱস্থান ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত গণ অৱস্থান ধৰ্মঘটত ভাগ লৈ বৰপেটাৰ বহু জ্যেষ্ঠ নাগৰিকে দাবী কৰিলে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ বাবে ৷ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ভাগ লৈ প্ৰাক্তন আছু নেতা গোবিন্দ গায়নে ৰাজ্য চৰকাৰে আৰম্ভ কৰা শান্তি আৰু অবিৰত প্ৰগতিৰ হকে মৌন সমদলৰ কাৰ্যসূচীক চৰকাৰখনৰ বহুৱালি বুলি অভিহিত কৰে ৷ যি সময়ত চৰকাৰৰ ভুল নীতিৰ বাবে অশোক কাগজ কলৰ দৰে অনেক ৰাজহুৱা উদ্যোগ ধ্বংস হৈ গ'ল, তেনেসময়তে অবিৰত প্ৰগতিৰ হকে শাসকীয় দলটোৱে উলিওৱা সমদল নিশ্চয়কৈ বহুৱালিৰে নামান্তৰ ৷ আনহাতে নিজৰ ডিঙিত অসমীয়া গামোছাখন লৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জাতিটোৰ কথা ভাবিবলৈ আৰু অসম তথা উত্তৰ পূবত কা জাপি নিদিবলৈ আহ্বান জনালে গোবিন্দ গায়নে ৷ ইপিনে হিমন্ত বিশ্ব শৰ্মাই কা সম্পৰ্কে ৰাজহুৱা বিতৰ্কত অংশ লোৱাৰ বাবে আছুৰ মুখ্য উপদেষ্টাজনক জনোৱা আহ্বানৰ বিপৰীতে প্ৰাক্তন আছু নেতাজনে হিমন্তৰ সৈতে নহয়, প্ৰয়োজনবোধে প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীৰ সৈতেহে বিতৰ্কত ভাগ ল'ব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন আছু নেতাজনে ৷

কলিয়াবৰঃ কলিয়াবৰত আছুৰ নেতৃত্বত সংশোধিত নাগৰিকত্ব আইন বিৰোধী সংগ্ৰামী ঐক‍্যমঞ্চৰ গণ বিক্ষোভ ৷ নাগৰিকত্ব আইন বিৰোধী সংগ্ৰামী ঐক্যমঞ্চ আৰু পশ্চিম কলিয়াবৰবাসী ৰাইজৰ সহযোগত শনিবাৰে কলিয়াবৰৰ নলতলিত শতাধিক লোকৰ গণ বিক্ষোভ কাৰ্যসূচী। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চৰকাৰ বিৰোধী শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদত কলিয়াবৰ জ্যেষ্ঠ নাগৰিক সন্থা, কলিয়াবৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়াও অংশগ্ৰহণ কৰে এই প্ৰতিবাদত। কোনো কাৰণতে মানি লোৱা নহ'ব এই জাতিধ্বংসী আইনখন।

গোলাঘাটঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোলাঘাটতো প্ৰতিবাদ অব্যাহত। গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

CAA বাতিলৰ বিক্ষোভত উথলিত ৰাজ্য

খুমটাইঃ সদৌ অসম তাই আহোম ছাত্র সন্থা আৰু খুমটাই আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু খুমটাইবাসী ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত খুমটাই চাৰিয়ালীত উদাত্ত কণ্ঠৰে প্ৰতিবাদ সাব্যস্ত কৰে। খুমটাই চাৰিআলিৰ সন্মুখত প্ৰায় কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী অনুষ্ঠানত উপস্থিত থাকি গায়ক বিপুল চেতীয়া ফুকন, অভিনেতা অৰুণ হাজৰিকা, কণ্ঠশিল্পী মাধৱ ৰঞ্জনে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান প্ৰদান কৰে ৷ গীতে-মাতে প্ৰতিবাদ কৰি খুমটাইৰ পৰা প্ৰতিবাদী কণ্ঠেৰে সমষ্টিৰ বিধায়ক গৰাকীক সমালোচনা কৰি থকা-সৰকা কৰাৰ লগতে খুমটাইবাসী মাৰ বান্ধি থিয় হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে।

বাক্সাঃ বাক্সাৰ সুৱনখাটাত আছুৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণ বিক্ষোভ ৷ বাক্সাৰ জিলাৰ সুৱনখাটাত সুৱনখাটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৩০ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সহযোগত এই আইনৰ বিৰুদ্ধে ৩ ঘণ্টীয়া গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ৷ প্ৰতিবাদস্থলীত বাক্সা জিলা আছুৰ সভাপতি গোবিন্দ শৰণীয়াই কয় যে যেতিয়া লৈকে এই আইন বাতিল নকৰে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব ।

CAA বাতিলৰ বিক্ষোভত উথলিত ৰাজ্য

নগাঁওঃ নগাঁও চহৰৰ ৰাজপথলত হাতে হাতে ঝাড়ু লৈ ওলাই আহিল মহিলা সমাজ । আৰম্ভ কৰিলে চাফাই অভিযান। কিন্তু এই চাফাই অভিযান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰতৰ চাফাই অভিযান নহয়। চাফাই অভিযান কৰা চৰকাৰখনক চাফাই কৰিবলৈ এই চাফাই অভিযান নগাঁৱৰ মহিলা সমাজৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ আন্দোলন অব্যাহত থকাৰ সময়তে এই আইনৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ এইসকল মহিলাৰ। নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে নগাঁও চহৰত প্ৰথমে মহিলাসকলৰ প্ৰতিবাদী সভা। প্ৰতিবাদী সভাত অংশগ্ৰহণ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব ৰিংকু মণি দত্ত শইকীয়াসহ কেইবাগৰাকী মহিলাৰ উদাত্ত ভাষণ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মহিলাৰ আহ্বান এতিয়াও সময় আছে গাদী এৰি আমাৰ মাজলৈ আহক পূৰ্বৰ দৰেই মৰম পাব অসমবাসীৰ।

শিৱসাগৰঃ শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত জনজাগৰণ যাত্ৰা ৷ শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সমুখত যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত আয়োজন কৰা হয় এক প্ৰতিবাদী সভা তথা জনজাগৰণ যাত্ৰা। তলাতল ঘৰৰ সমুখত আয়োজিত প্ৰতিবাদী সভাত শতাধিক লোকে অংশগ্ৰহণ কৰি CAA বাতিলৰ দাবী উত্থাপন কৰে। সভাত অংশ লৈ অনাতাঁৰ শিল্পী সূৰ্য দাসে আইনখনে অসমৰ প্ৰতি ভাবুকি আনিব বুলি উল্লেখ কৰি বিভিন্ন প্ৰতিবাদী গানৰ মাজেৰে ৰাইজক জাগ্ৰত কৰি তোলে ৷ দ'লমুখ চাৰিআলিত হোৱা সভাত নীল আকাশকে আদি কৰি বিভিন্ন শিল্পীয়ে অংশগ্ৰহণ কৰে ৷

বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিৰ ৰাইদঙীয়াত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গণ সমাৱেশ । এই গণ সমাৱেশত অংশগ্ৰহণ কৰে বুদ্ধিজীৱী হাইদৰ হুছেইন আৰু অধিবক্তা নেকিবুৰ জামানে ৷ দুয়োজন বক্তাই ভাষণ প্ৰসংগত বিজেপি আৰু অসম গণ পৰিষদ দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই বুদ্ধিজীৱীক কৰা সমালোচনাক বুদ্ধিজীৱী হাইদৰ হুছেইনে উভতি ধৰে ৷ স্থানীয় ৰাইজে গীতে-মাতে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদৰ ৷

CAA বাতিলৰ বিক্ষোভত উথলিত ৰাজ্য

বৰপেটাঃ ৰাজ্যত অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত জাতীয় দল সংগঠনৰ আন্দোলন ৷ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত আন্দোলনৰ নেতৃত্ব লৈ চৰকাৰৰ ৰোষত পৰা কৃষক নেতা অখিল গগৈৰ লগতে সকলো কাৰাবন্দী নেতাক মুক্তিৰ দাবীত শনিবাৰে বৰপেটাত অনশন কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বৰপেটা জিলা পুথিভঁৰাল প্ৰাংগনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে সংশোধিত নাগৰিকত্ব আইন বাতিল আৰু অখিল গগৈৰ লগতে আন্দোলনকাৰী সকলো কাৰাবন্দীক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনাই এই অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷

ধেমাজিঃ ধেমাজিত ছাত্ৰ মুক্তিৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী অৱস্থান ধৰ্মঘট ৷ শনিবাৰে ধেমাজি তিনিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি আঞ্চলিক সমিতিয়ে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অখিল গগৈৰ বিনাচৰ্তে মুক্তি তথা বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

CAA বাতিলৰ বিক্ষোভত উথলিত ৰাজ্য

বিলাসীপাৰাঃ বিলাসীপাৰাত শনিবাৰে দিনা ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিকত্ব আইন বাতিলৰ দাবীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন ৷ বিলাসীপাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই আইন বাতিল আৰু কৃষক নেতা অখিল গগৈসহ কাৰাৰুদ্ধ হোৱা সকলোকে বিনাচৰ্তে মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আৰু পঢ়কঃ CAA বিৰোধীক সমৰ্থনৰ লক্ষ্যৰে অসম ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে

Intro:কা বিৰুধী প্ৰতিবাদ এতিয়া অসমৰ গাৱে ভূঞে। লখিমপুৰ জিলাৰ বিভিন্ন স্থানত ইখন পিছত সিখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছে আছুৰ উদ্যোগত।

Body:শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণ পুৰৰ মধুপুৰত কা বিৰুধী প্ৰতিবাদী সভাত অংশ ললে জনপ্ৰিয় শিল্পী তৈলুক্য সোনোৱালে। গীতেৰে শিল্পী সোনোৱালে চৰকাৰক ধিক্কাৰ দিয়া লগতে ৰাইজক আহ্বান জনালে সজাগ হবলৈ।

Conclusion:হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শিল্পী সোনোৱালে গীতৰ মাজেৰে সকলো শিল্পী ক কা বিৰুধী আন্দোলন ত মাত মাতিবলৈ আহ্বান জনাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.