ETV Bharat / state

হোমেন বৰগোহাঞিৰ মৃত্যুত শোকপ্ৰকাশ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

সাহিত্য আৰু সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ হোমেন বৰগোহাঞিৰ মৃত্যু অসমৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

author img

By

Published : May 12, 2021, 7:59 PM IST

btc-chief-promod-boro-condoles-demise-of-homen-borgohain
হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ বিটিচি চিফ প্ৰমোদ বড়োৰ

বৰপেটা,১২ মে’: অসমৰ সাহিত্য আৰু সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । বুধবাৰে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰে বড়োৱে ।

হোমেন বৰগোহাঞিৰ মৃত্যুত শোকপ্ৰকাশ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

হোমেন বৰগোহাঞি অসমৰ এক অনুষ্ঠান আছিল । অসমৰ জাতীয় জীৱনৰ লগতে সমাজ জীৱনত যথেষ্ট অৱদান আছিল বৰগোহাঞিৰ । হোমেন বৰগোহাঞি বিভিন্ন সমস্যাৰ দিক নিৰ্ণায়ক ব্যক্তি আছিল বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে । হোমেন বৰগোহাঞিৰ মৃত্যু অসমৰ বাবে বৃহৎ ক্ষতি । তেখেতৰ স্বৰ্গীয় আত্মাই শান্তি পাওঁক বুলি দুখেৰে প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক: শোণিতপুৰত ৩ গৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.