ETV Bharat / state

Brawl Between Groups : কলগছক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

author img

By

Published : Aug 17, 2023, 10:46 PM IST

এডাল কলগছক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে । এই মাৰপিটৰ ঘটনাত 5 গৰাকী লোক আহত হৈছে ৷ সম্প্ৰতি আহতকেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।

Beaten Incident
কলগছক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

জনীয়া, 17 আগষ্ট : কলগাছিয়াৰ খাতাৰটাৰী গাঁৱত এডাল কলগছক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে । এই মাৰপিটৰ ঘটনাত 5 গৰাকী লোক আহত হৈছে ৷ সম্প্ৰতি আহতকেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ইয়াৰে সংকটজনক অৱস্থাত থকা দুজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, খাতাৰটাৰী গাঁৱৰ শাহজাহান নামৰ লোকজনৰ পৰিয়ালৰ লোকে চুবুৰীয়া হবিবৰ ৰহমানৰ বাৰীৰৰ এডাল কলগছৰ পৰা কল এথোক কাটি লৈ গৈ গছডাল তেওঁলোকৰ ঘৰৰ ওপৰত পেলাই থৈ যায় ৷ ইয়াকে দেখি হবিবৰৰ পৰিয়ালৰ লোকে তেওঁলোকক কলথোক কাটি কিয় গছডাল এনেকৈ পেলাই থৈ যায় বুলি সোধে ৷ তেতিয়াই দুয়োঘৰৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয় ৷

হঠাৎ শাহজাহানৰ পৰিয়ালৰ লোকে হাতে হাতে দা, লাঠি, ৰড, শিল লৈ হবিবৰ ৰহমানৰ পৰিয়ালৰ ওপৰত আক্ৰমণ কৰে ৷ শাহজাহানৰ নেতৃত্বত আব্দুল হাই, ছেলিম সৃষ্টিয়া, মোন্নাত আলী, ৰেজ্জাক আলীৰ লগতে আন কেইবাজনো লোকে খাইৰুল ইছলাম, হবিবৰ ৰহমান, মিনাৰুল ইছলাম, ইব্ৰাহিম আলী, আইনাল হক আৰু শাহাজুল হকক বেয়াকৈ মাৰপিট কৰি আহত কৰে।

এই ঘটনাৰ পিচমুহূৰ্ততে পৰিয়ালৰ লোক আৰু ৰাইজৰ তৎপৰতাত আহত লোকসকলক ততাতৈয়াকৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও তাৰে খাইৰুল ইছলাম আৰু হবিবৰ ৰহমানৰ অৱস্থা অতি সংকজনক হোৱাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও শাহজাহানৰ পৰিয়ালৰ লোকে হবিবৰ ৰহমানৰ পৰিয়ালৰ ওপৰত কেইবাবাৰো মাৰপিট কৰিবলৈ চেষ্টা কৰিছিল ৷ লগতে শাহজাহানৰ পৰিয়ালে কেইবাবাৰো হবিবৰ ৰহমানৰ ভূমি বেদখল কৰাৰো চেষ্টা অব্যাহত ৰাখিছিল বুলি ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে ভুক্তভোগীয়ে কলগাছিয়া আৰক্ষী থানাত শাহজাহানৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। আহত পৰিয়ালটোৱে অচিৰেই প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰিছে । এতিয়া আৰক্ষীয়ে আক্ৰমণকাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

লগতে পঢ়ক:Anganwadi worker: অংগনৱাড়ী কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.