ETV Bharat / state

মাতৃৰ বুকুৰ পৰা অপহৰণ সদ্যজাত শিশু : আৰক্ষীৰ জালত এজন অভিযুক্ত !

author img

By

Published : Sep 14, 2019, 5:42 PM IST

বৰপেটাৰ শিশু অপহৰণ লগত জড়িত এজনক গ্ৰেপ্তাৰ ৷ কিন্তু এতিয়ালৈ শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

সদ্যজাত শিশু অপহৰণৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ

বৰপেটা, ১৪ চেপ্টেম্বৰ : বৰপেটাত সদ্যজাত শিশু অপহৰণ সন্দৰ্ভত আৰক্ষীৰ অভিযান ৷ বৰপেটা আৰক্ষীয়ে আটক কৰিলে অপহৰণৰ সৈতে জড়িত এজন অভিযুক্তক ৷ অভিযুক্ত ব্যক্তিজনৰ নাম ইমান আলী ৷ বতমানলৈ অপহৃত শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

সদ্যজাত শিশু অপহৰণৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে, শুক্ৰবাৰে নিশা ঘৰৰ ভিতৰত শুই থকা অৱস্থাত নুৰুলা পাৰবিন নামৰ মাতৃ গৰাকীৰ বুকুৰ মাজৰ পৰাই সদ্যজাত শিশুটো অপহৰণ হৈছিল ৷ আটকাধীন ইমান আলীৰ স্বীকাৰোক্তি দিয়ে যে, অপহৰণৰ প্ৰধান অভিযুক্ত বাঁহমূৰাৰ হাছানুৰ আলীয়ে শিশুটো অপহৰণ কৰি তেওঁৰ হাতত নলবাৰীৰ মুকালমুৱাত এজন মানুহক বিক্ৰী কৰিবলৈ দি থৈ আহিছিল ৷ লগতে বৰ্তমান শিশুটোক বিক্ৰীৰ উদ্দেশ্যে মুকালমুৱাৰ পৰা হাজোলৈ লৈ যোৱা হৈছে বুলিও স্বীকাৰ কৰে ইমান আলীয়ে ৷ বৰ্তমানেও পলাতক আনজন অভিযুক্ত হাছানুৰ আলী ৷ আটকাধীন ইমান আলীক লগত লৈ শিশুটোক উদ্ধাৰৰ বাবে আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান ৷

Intro:
বৰপেটা, ১৪ ছেপ্টেম্বৰঃ বৰপেটাত অতি শিহৰণকাৰী, জঘন্যতম ঘটনা ৷ মাতৃৰ বুকুৰ মাজৰপৰাই নিশা অপহৃত হ'ল এটা ১৫ দিনীয়া বয়সৰ সদ্যোজাত সন্তান ৷ বৰপেটাৰ বাঁহমূৰা গাৱত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা শিশু অপহৰণৰ এই ঘটনা ৷ শুক্ৰবাৰে নিশা মাতৃৰ সৈতে শুই থকা অৱস্থাত অপহৃত হয় শিশুটো ৷ অপহৃত শিশুটোৰ পিতৃ কলগাছিয়া বালিকুৰি গাৱৰ বাবুল হুছেইন আৰু মাতৃ নুৰুলা পাৰবিন ৷ ১৫ দিন পূৰ্বে জন্ম হৈছিল শিশুটোৰ ৷ শিশুটোৰ জন্মৰ পিচৰপৰাই বাঁহমূৰা গাৱৰ পিতৃগৃহত আছিল নুৰুলা পাৰবিন ৷ Body:শুক্ৰবাৰে নিশা ঘৰৰ ভিতৰত শুই থকা অৱস্থাত মাতৃৰ বুকুৰ মাজৰ পৰাই শিশুটো অপহৃত হোৱাৰ ঘটনাক লৈ নিশা অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ শিশুটোৰ মাতৃগৰাকীয়ে জানিবলৈ দিয়ামতে, নিশা তিনিমান বজাত গাখীৰ খুৱাবলৈ বিচনাত শিশুটো বিচাৰি নাপাই হাহাকাৰ লাগে ৷ এই ঘটনাৰ পিচতে গাওৰ লোকসকল ওলাই আহি শিশুটোৰ বিচাৰ খোচাৰ আৰম্ভ কৰে ৷ স্থানীয়লোকে লগে লগে শিশুটোৰ অপহৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ইমান আলী নামৰ এজন লোকক সোধপোছ কৰাৰ পিচতেই ওলাই পৰে অপহৰনৰ সমগ্ৰ ঘটনা ৷ স্থানীয়লোকে জাহোৰপাম গাৱৰ ইমান আলিক সোধপোচৰ পিচতেই তেও হাছানুৰ আলী নামৰ যুৱকজনৰ সৈতে লগলাগি শিশুটো অপহৰন কৰা বুলি স্বীকাৰ কৰে ৷ পেছাত গাড়ীচালক ইমান আলীয়ে নিজৰ ইয়ন গাড়ীখনেৰে শিশুটোক অপহৰণ কৰিছিল বুলিও ৰাইজৰ আগত প্ৰকাশ কৰে ৷ ইপিনে শিশু অপহৰনকাণ্ডৰ মুল অভিযুক্ত বাহমূৰাৰ হাছানুৰ আলী এতিয়াও পলাতক হৈ আছে ৷ শিশু অপহৰণৰ এই জঘন্য ঘটনাৰ পিচতে সমগ্ৰ বাঁহমূৰা অঞ্চলতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ উত্তেজিত লোকসকলে অপহৰনকাৰী ইমান আলীক উত্তম মাধ্যম শোধোৱাৰ লগতে অপহৰনকাণ্ডত ব্যৱহৃত ইয়'ন গাড়ীখন জ্বলাই দিয়ে ৷ এই ঘটনাৰ পিচতে বৰপেটা সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইমান আলীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ইমান আলীৰ স্বীকাৰোক্তি অনুসৰি শিশুটো অপহৰন কৰি নিশাই তেওৰ গাড়ীৰে লৈ যোৱা হৈছিল নলবাৰীৰ মুকালমুৱালৈ ৷ মুকালমুৱাত শিশুটো কোনো লোকক চমজাই দি অপহৰনকাৰী ইমান আলী আৰু হাছানুৰ আলী নিজ ঘৰলৈ উভতি আহে ৷ আনহাতে মুকালমুনাৰ যিজন লোকৰ ওচৰত শিশুটো দি থৈ আহিছিল তেও কোনো লোকৰ ওচৰত বিক্ৰী কৰাৰ উদ্দেশ্যে মুকালমুৱাৰ পৰা শিশুটো হাজোলৈ লৈ যোৱাৰ কথাও স্বীকাৰ কৰে ধৃত ইমান আলীয়ে ৷ ইতিমধ্যে বৰপেটা আৰক্ষীয়ে ইমান আলীক গ্ৰেপ্তাৰ কৰি তেওৰ স্বীকাৰোক্তিৰ ভিত্তিত শিশুটো উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে ৷

Conclusion:বাইটঃ মাতৃ ৷
বাইটঃ চুবুৰীয়া লোক ৷

---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.