বৰপেটা, 5 অক্টোবৰ : বৰপেটা চহৰৰ প্ৰতিগৰাকী মানুহৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি তোলা মানৱ দৰদী চিকিৎসক ডা: সুশীল কুমাৰ ওজাক শুকুৰবাৰে তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰে গুণমুগ্ধসকলে ৷ একাধাৰে কবি, সাহিত্যিক, সমাজসেৱক, মানৱ দৰদী চিকিৎসক ডাঃ সুশীল ওজাৰ যোৱা বৰ্ষৰ 4 অক্টোবৰত দেহাৱসান ঘটিছিল ৷ বৰপেটাবাসীক শোকাহত কৰি চিৰদিনলৈ অজান দেশলৈ বিদায় লোৱা চিকিৎসকগৰাকীৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে 'জনান্তিক' নামৰ সামাজিক সংস্থাটোৰ উদ্যোগত স্থানীয় তৰুণৰাম ফুকন হ'লত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গুণমুগ্ধসকলে গীত আৰু কবিতাৰ জৰিয়তে মহান ব্যক্তিগৰাকীক সোঁৱৰণ কৰে ৷
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱাই এখন স্মৰনিকা উন্মোচন কৰে ৷ অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰকে আদি কৰি বহু বিশিষ্ঠ ব্যক্তি, গুণমুগ্ধ আৰু পৰিয়ালৰ লোকে অংশগ্ৰহন কৰে ৷