ETV Bharat / state

থিয় নামেৰে বৰপেটা সত্ৰত সামৰণি পৰিল সাত বিহুৰ - বাট বুলনি ঘোষা

চ'তৰ সংক্ৰান্তিৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বৰপেটাতো আয়োজন কৰা হয় ব’হাগ বিহু ৷ সত্ৰ নগৰী বৰপেটাত বিহু মূলতঃ সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে পালন কৰা হয় ৷ ব’হাগৰ দোমাহীৰ অন্তত অৰ্থাৎ 7 ব’হাগৰ দিনা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত 22 খন হাটীৰ বাপসকলে থিয় নাম গায় ৷ ঘোষা বা বন্দনা গোৱাৰ অন্তত সামৰণি পৰে বৰপেটা সত্ৰৰ সাত বিহুৰ থিয় নাম(Bihu concluded in barpeta satra) ৷

থিয় নামেৰে বৰপেটা সত্ৰত সাত বিহুৰ সামৰণি পৰিল

author img

By

Published : Apr 22, 2022, 2:24 PM IST

বৰপেটা,22 এপ্ৰিল : বৰপেটা সত্ৰত চ'তৰ সংক্ৰান্তিৰ পৰা 6 ব'হাগলৈ ব’হাগৰ দোমাহী বা ব’হাগ বিহু পালন কৰা হয় ৷ তাৰ পিছত 7 ব'হাগত বৰপেটা সত্ৰৰ দালানৰ সন্মুখ ভাগত গোৱা হয় থিয় নাম (Thiyo nam in front of Satra Dalan) ৷ থিয় নামৰ পাছতে সামৰণি পৰে বৰপেটা সত্ৰত পালিত ব’হাগ বিহু ৷

সত্ৰ নগৰী বৰপেটাত বিহু মূলতঃ সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে পালন কৰা হয় ৷ পূৰ্ব পৰম্পৰা অনুসৰি, বৰপেটা সত্ৰৰ 22 খন হাটীৰ বাপসকলে সাত বিহুৰ থিয় নামত অংশ লয় ৷ 7 ব’হাগৰ থিয় নামৰ পৰম্পৰা অনুসৰি চিত্ৰ-বিচিত্ৰ বৰপাল টানি, বৰ শৰাই আৰু বৰচৰিয়া স্থাপন কৰি দালানৰ সন্মুখত (Satra Dalan of Barpeta Satra) তিনিখনকৈ নামথলীত ভক্তসকলে পৰিৱেশন কৰে থিয় নাম ৷

থিয় নামেৰে বৰপেটা সত্ৰত সাত বিহুৰ সামৰণি পৰিল

আনহাতে, ভক্তসকলেও শৰাইত বুট-মগু, ফল-মূল আদিৰ পৰিৱৰ্তে নৈবেদ্য হিচাপে গুৰ, চেনী আৰু গুৱামুৰি আগবঢ়াই আৰু নেদেখাজনৰ ওচৰত আৰ্শীষ বিচাৰে ৷ অতীতৰ পৰাই চলি আহিছে এই পৰম্পৰা ৷ ইফালে, দালানৰ সন্মুখৰ গোৱা থিয় নামৰ শেষত দক্ষিণহাটী, নহাটী আৰু উত্তৰহাটীৰ বাপসকলে বাট বুলনি ঘোষা গাই প্ৰৱেশ কৰে সত্ৰত ৷

তাৰ পাচতেই সত্ৰৰ মঠৰ চোতালত থান বন্দনী ঘোষা আৰু প্ৰাৰ্থনাৰ ঘোষা গাই ভক্তসকলৰ মংগল কামনা কৰে ৷ ঘোষা বা বন্দনা গোৱাৰ অন্তত সামৰণি পৰে সাত বিহুৰ থিয় নামৰ ৷ উল্লেখ্য যে, ব’হাগৰ দোমাহীৰ 7 ব’হাগৰ নামত যিখন বৰপাল টনা হয়, সেয়া প্ৰায় তিনিশ বছৰৰো অধিক পুৰণি ৷

ৰং-বিৰঙী উক্ত পাল মাথো ব’হাগৰ 7 বিহুৰ নামতহে ব্যৱহাৰ কৰাৰ পৰম্পৰা চলি আহিছে ৷ এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়াই ৷

লগতে পঢ়ক : বাক্সাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোঁসাই উৎসৱ পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.