ETV Bharat / state

বৰপেটাত ৰক্তদান শিবিৰ - তেজৰ নাটনিৰ বাবে স্বেচ্ছাসেৱী সংস্থা

চিকিৎসালয় সমূহত সৃষ্টি হোৱা নাটনিৰ বাবে দেওঁবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত মুকলি কৰা হয় ৰক্তদান শিবিৰৰ ৷ স্বেচ্ছাসেৱী সংস্থা নেচনেল মেডিক'জ অৰ্গেনাইজেছনৰ উদ্যোগত আয়োজন কৰা হয় এই শিবিৰৰ ৷

Blood donation camp organised by National Medicos Organisation at barpeta
চিপাহী বিদ্ৰোহৰ ১৬৩ সংখ্যক দিৱস উপলক্ষে বৰপেটাত ৰক্তদান শিবিৰ
author img

By

Published : May 10, 2020, 6:06 PM IST

বৰপেটা, 10 মে' : দেওঁবাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম স্ফুলিংগ চিপাহী বিদ্ৰোহৰ 163 সংখ্যক বীৰত্বৰ দিন ৷ স্বাধীনতা যুঁজৰ বীৰত্বপূৰ্ণ দিনটোত দেশৰ বীৰ যোদ্ধাসকলৰ পবিত্ৰ স্মৃতি সুৱৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় এটা ৰক্তদান শিবিৰ ৷

বৰ্তমান দেশৰ পৰিস্থিতিৰ বাবে চিকিৎসালয় সমূহত সৃষ্টি হোৱা তেজৰ নাটনিৰ বাবে স্বেচ্ছাসেৱী সংস্থা নেচনেল মেডিক'জ অৰ্গেনাইজেছনৰ উদ্যোগত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত আয়োজন কৰা হয় এই শিবিৰৰ ৷ 'ৰক্তধাৰা' শীৰ্ষক ৰক্তদান শিবিৰটো বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা৹ ববীজিৎ গোস্বামীয়ে ৰক্তদানৰ জৰিয়তে মুকলি কৰে ৷

চিপাহী বিদ্ৰোহৰ ১৬৩ সংখ্যক দিৱস উপলক্ষে বৰপেটাত ৰক্তদান শিবিৰ

উক্ত ৰক্তদান শিবিৰটোত চিকিৎসালয়খনৰ অধীক্ষকৰ লগতে চিকিৎসক, নাৰ্চ, চিকিৎসা বিজ্ঞানৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে কেবাজনো লোকে ৰক্তদান কৰে ৷ আনহাতে ৰাজ্যৰ আন আন স্বেচ্ছাসেৱী সংস্থা সমূহকো ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে নেচনেল মেডিক'জ অৰ্গেনাইজেছন নামৰ সংস্থাটোৱে ৷

লগতে পঢ়ক : মাতৃ দিৱস উপলক্ষে সকলো মাতৃলৈ চেনেহৰ উপহাৰ বলুকা শিল্পীৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.