ETV Bharat / state

আৰক্ষীৰ নিৰ্যাতনত আহত হোৱা মহিলাক ৰক্তদান আমছু নেতাৰ - বৰপেটা

চিৰাং আৰক্ষীৰ উপৰ্যুপৰি প্ৰহাৰত বৰপেটাৰোডৰ নিচুকাৰ সুকীয়া খাতুন নামৰ মহিলাজনী আহত হৈছিল ৷ সম্প্ৰতি মহিলা গৰাকী বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

আৰক্ষীৰ নিৰ্যাতনত আহত হোৱা মহিলাক ৰক্তদান আমছু নেতাৰ
author img

By

Published : Sep 23, 2019, 5:15 AM IST

Updated : Sep 23, 2019, 7:57 AM IST

বৰপেটা, 22 ছেপ্তেম্বৰঃ চিৰাং আৰক্ষীৰ উপৰ্যুপৰি প্ৰহাৰত বৰপেটাৰোডৰ নিচুকাৰ সুকীয়া খাতুন নামৰ মহিলাজনী আহত হৈছিল ৷ আহত মহিলাজনীক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও এতিয়ালৈ স্বাস্থ্যৰ উন্নতি হোৱা নাই ৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা মনিৰুজ জামানে চিকিৎসালয়ত মহিলাগৰাকীৰ বাবে ৰক্তদান কৰে ৷

আৰক্ষীৰ নিৰ্যাতনত আহত হোৱা মহিলাক ৰক্তদান আমছু নেতাৰ

উল্লেখ্য যে, চিৰাং আৰক্ষীৰ উপৰ্যুপৰি প্ৰহাৰত বৰপেটাৰোডৰ নিচুকাৰ সুকীয়া খাতুন দুই মাহৰ অন্তঃসত্তা আছিল আৰু আৰক্ষীৰ প্ৰহাৰত গৰ্ভপাত হোৱাত মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছিল ৷ নিৰ্যাতিত মহিলা গৰাকীৰ অত্যন্ত ৰক্তক্ষৰণ হোৱাত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে মহিলা গৰাকীৰ শৰীৰত ৰক্তৰ প্ৰয়োজন বুলি জনাইছিল ৷ সেইমৰ্মে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা মনিৰুজ জামানে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ সুকীয়া খাতুনৰ বাবে ৰক্তদান কৰে । সম্প্ৰতি মহিলা গৰাকী বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ আনহাতে ঘটনাক কেন্দ্ৰ কৰি চিৰাং জিলাৰ আমগুৰিৰ কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰী আৰু তেওঁৰ সহযোগী সকলৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈছে । উক্ত গোচৰৰ তদন্ত অব্যাহত আছে যদিও বৰ্তমানলৈকে অভিযুক্ত আৰক্ষী বিষয়া বিনোদ চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত লোকক শাস্তিৰ দাবী কৰিছে সংগঠনটোৱে ৷ তদন্ত প্ৰক্ৰিয়াৰ অন্তত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়াহে লক্ষণীয় হ'ব ৷

Intro:বৰপেটাৰোড ২২ চেপ্তেম্বৰ- চিৰাঙ আৰক্ষীৰ লাঠি আৰু ভৰিৰ জোতাৰ উপৰ্যুপৰি প্ৰহাৰত বৰপেটাৰোডৰ নিচুকাৰ সুকীয়া খাতুনৰ দুই মাহৰ অন্ত:সত্তা গৰ্ভাপাত হোৱাত মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটাত উন্নত চিকিৎসাৰ ভাৱে বৰপেটাৰোডৰ চিকিৎসকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল ৷ আৰক্ষীৰ নিৰ্যাতনত নিৰ্যাতিত মহিলা গৰাকীৰ অত্যন্ত ৰক্তক্ষৰণ হোৱাত বৰপেটা মেডিকেল কলেজৰ চিকিৎসকে মহিলা গৰাকীৰ শৰীৰত ৰক্তৰ প্ৰয়োজন বুলি জনাইছিল ৷ সেইমৰ্মে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা মনিৰুজ জামানে বৰপেটা মেডিকেল কলেজত উপস্থিত হৈ দেওবাৰে সুকীয়া খাতুনক ৰক্তদান কৰে। সম্প্ৰতিও মহিলা গৰাকী বৰপেটা মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে ৷ Body:বৰপেটাৰোড ২২ চেপ্তেম্বৰ - চিৰাঙ আৰক্ষীৰ লাঠি আৰু ভৰিৰ জোতাৰ উপৰ্যুপৰি প্ৰহাৰত বৰপেটাৰোডৰ নিচুকাৰ সুকীয়া খাতুনৰ দুই মাহৰ অন্ত:সত্তা গৰ্ভাপাত হোৱাত মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটাত উন্নত চিকিৎসাৰ ভাৱে বৰপেটাৰোডৰ চিকিৎসকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল ৷ আৰক্ষীৰ নিৰ্যাতনত নিৰ্যাতিত মহিলা গৰাকীৰ অত্যন্ত ৰক্তক্ষৰণ হোৱাত বৰপেটা মেডিকেল কলেজৰ চিকিৎসকে মহিলা গৰাকীৰ শৰীৰত ৰক্তৰ প্ৰয়োজন বুলি জনাইছিল ৷ সেইমৰ্মে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা মনিৰুজ জামানে বৰপেটা মেডিকেল কলেজত উপস্থিত হৈ দেওবাৰে সুকীয়া খাতুনক ৰক্তদান কৰে। সম্প্ৰতিও মহিলা গৰাকী বৰপেটা মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে ৷ Conclusion:ইপিনে চিৰাং জিলাৰ আমগুৰিৰ কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰী আৰু তেওঁৰ সহযোগী সকলৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত 535/19 নম্বৰত
US-457/354/323/325/313/380/427/34 IPC ধাৰাত গোচৰ পঞ্জীয়ন হৈছে । গোচৰৰ তদন্তকাৰী বিষয়াৰ দায়িত্বত আছে বৰপেটা সদৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য। গোচৰৰ তদন্ত চলি আছে যদিও বৰ্তমানলৈকে অভিযুক্ত আৰক্ষী বিষয়া বিনোদ চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ তদন্ত প্রক্রিয়াৰ অন্তত আৰক্ষীয়ে কি পদক্ষেপ লয় সেয়াহে লক্ষণীয় হব ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Last Updated : Sep 23, 2019, 7:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.