জনীয়া, ২৪ জানুৱাৰী : বৰপেটা জিলাৰ জনীয়া সমষ্টিত বি কে যুৱ সমাজৰ উদ্যোগত ২২ আৰু ২৩ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় বি কে যুৱ সমাৰোহ-২০২১ । এই সমাৰোহৰ বাৰেবৰণীয়া কাৰ্যক্ৰমনিকা বি কে হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হয় । লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল মালেক আহমেদৰ সভাপতিত্বত মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় । ইফালে সাংসদ আব্দুল খালেকৰ গীত আৰু নাটকৰ সংলাপে মুকলি সভাখন অধিক জীপাল কৰি তোলে ।
কোনো লোকে হীনমন্যতাত ভোগাৰ পৰা বিৰত থাকি সংখ্যালঘু অঞ্চলৰ বিজ্ঞানী, প্ৰশাসনিক বিষয়া, অভিযন্তা, খেলুৱৈ সাংস্কৃতিক ক্ষেত্ৰখনতো আগুৱাই যোৱাৰ পোষকতা কৰে উক্ত সভাৰ মুখ্য অতিথি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে ।
সভাত অসমৰ অৱসৰ প্ৰাপ্ত উচ্চ শিক্ষা সঞ্চালক দেলুৱাৰ হুছেইন, বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি ছামচুল হক, প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খান, সমাজ কৰ্মী আমিৰুল ইছলাম খান, সমাজ কৰ্মী ড৹ ইউছুব হুছেইন, বৰপেটা জিলা পৰিষদৰ সদস্য, নুৰুল ইছলাম তালুকদাৰ, মহেলা খাতুনকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ আগবঢ়ায় ।