বৰপেটা, ১৬ ডিচেম্বৰ : শেহতীয়াকৈ ৰাজ্যত পুনৰ কা’ বিৰোধী আন্দোলনৰ প্ৰাসংগিকতাক লৈ সৰৱ হৈছে এচাম দল, সংগঠন তথা প্ৰভাৱ গোষ্ঠী ৷ বিশেষকৈ, কৃষি আইন বাতিল (Repeal of farm laws) কৰিবলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত প্ৰকাশ কৰাৰ পিছতে ৰচনা হৈছে এই নতুন পৰিৱেশৰ ৷ মূলত 2016 ৰ পৰাই আৰম্ভ হোৱা কা’ আন্দোলনে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ পাইছিল 2019 চনৰ শেষ ভাগৰ পৰা 2020 চনৰ প্ৰথম ভাগলৈ(Anti CAA movement in Assam) ৷
অৱশ্যে, কৰ’ণা মহামাৰীৰ সময়ত স্তিমিত হৈছিল এই আন্দোলন ৷ ইয়াৰ পিছতে কা’ আন্দোলনৰ পটভূমিত গঠিত হোৱা আঞ্চলিক ৰাজনৈতিক দল সমূহেও মুখ ঠেকেছা খাইছিল 2021 চনৰ বিধান সভা নিৰ্বাচনত ৷ পুনৰ শাসনলৈ আহিছিল কা’ৰ পোষকতা কৰা বিজেপি চৰকাৰ ৷ কিন্তু শেহতীয়াকৈ পুনৰ ৰচিত হোৱা কা’ আন্দোলনমূখী পৰিৱেশক লৈ এইবাৰ যেন চিন্তিত হোৱা নাই বিজেপি চৰকাৰ ৷
বৃহস্পতিবাৰে শাসকীয় দলটোৰ প্ৰভাৱশালী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ এটা ভাষ্যত যেন সেই কথাই পোহৰলৈ আহিল ৷
মন্ত্ৰী দাসে ক’লে, "কা আন্দোলন হ’লে ভাল পাওঁ, কা’ আন্দোলন হ’লে বিজেপিৰ লাভ হয় । কা’ আন্দোলন হ’লে ৰাইজে ভোটদান কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ সুবিধা হয়(Minster Ranjit Das wants anti CAA protest)।'' স্বাভাৱিকতেই মন্ত্ৰী গৰাকীৰ এই বক্তব্যই এতিয়া কথাৰ আঁৰত থকা তাৎপৰ্যৰ উমান দিছে ৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে(Assam minister Ranjit kumar Das) বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সৰ্থেবাৰী পাঁচখেল গঞা গয়ৰহৰ দুমহলীয়া নৱ-নিৰ্মিত সভাগৃহ । এই অনুষ্ঠানত উপস্থিত হৈয়ে মন্ত্ৰী গৰাকীয়ে পুনৰ কা’ আন্দোলন সন্দৰ্ভত কৰিলে এই মন্তব্য ৷
লগতে পঢ়ক : CM Himanta meets Nilmani Phookan: কবি নীলমণি ফুকনৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা