ETV Bharat / state

জনীয়াত বিজেপি মিত্ৰজোঁট-ৰাইজৰ দলৰ নিৰ্বাচনী ৰণডংকা - assam poll

জনীয়াত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্বহিদুল ইছলাম আৰু ৰাইজৰ দলৰ পৰা মনোনীত প্ৰাৰ্থী তথা যুৱনেতা আশ্ৰাফুল ইছলামৰ নিৰ্বাচনী ৰণডংকা ৷ হাজাৰৰো অধিক সমৰ্থকৰ সৈতে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল দুই প্ৰাৰ্থীৰ ৷

bjp and raijor dal sounds war bugle for assam poll in jania constituency
জনীয়াত বিজেপি মিত্ৰজোঁট আৰু ৰাইজৰ দলৰ নিৰ্বাচনী ৰণডংকা
author img

By

Published : Mar 18, 2021, 5:06 PM IST

জনীয়া,18 মাৰ্চ: অসম বিধান নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ক্ৰমাৎ শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতা পৰিলক্ষিত হৈছে ৷ প্ৰত্যেক ৰাজনৈতিক দলেই নিজ সমৰ্থকৰ সংখ্যাৰে শক্তি প্ৰদৰ্শন কৰাৰ লগতে নিজা ৰণকৌশলেৰে নিৰ্বাচনলৈ বুলি টঙালি বান্ধিছে ৷ বৃহস্পতিবাৰে বৰপেটাৰ জনীয়া সমষ্টিতো এনে এক পৰিৱেশেই পৰিলক্ষিত হ'ল ৷

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল দুই প্ৰাৰ্থীৰ

বৃহস্পতিবাৰে জনীয়া সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্বহিদুল ইছলামৰ লগতে সমষ্টিটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ৰাইজৰ দলৰ পৰা মনোনীত প্ৰাৰ্থী তথা যুৱনেতা আশ্ৰাফুল ইছলামে লগত বৃহৎ সংখ্যক সমৰ্থকক লৈ মনোনয়ন দাখিল কৰে ৷ দুয়োগৰাকী প্ৰাৰ্থীয়ে মটৰ চাইকেল আৰু চাৰিচকীয়া বাহনত হাজাৰৰো অধিক সমৰ্থকৰ সৈতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৷

জনীয়াত এইবাৰ ৰাইজে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাব বুলি মন্তব্য কৰাৰ লগতে বিধায়ক ড৹ ৰফিকুল ইছলামক ৰাইজে সমষ্টিটোৰ পৰা চিৰবিদায় দিব বুলি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্বহিদুল ইছলামে কটাক্ষ কৰে ৷

উল্লেখ্য যে, 27 মাৰ্চত ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে ক্ৰমে 1 আৰু 6 এপ্ৰিলত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্ত ইতিমধ্যে প'ষ্টেল বেলটযোগে ভোটগ্ৰহণ প্ৰক্ৰিয়াও আৰম্ভ হৈছে ৷

লগতে পঢ়ক: বিশ্বনাথলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.