বৰপেটা, ২৮ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ চেনিমাৰিত সোমবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনা অনুসৰি একে দিশেৰে গৈ থকা AS-19G-2371 আৰু AS-15K-7918 নম্বৰৰ দুখন বাইকৰ আগৰ খনে ৰাস্তাৰ ইপাৰৰ পৰা সিপাৰলৈ যাওঁতে পিছফালে থকা বাইকখনে প্ৰচণ্ড জোৰে খুন্দিয়ায় । ফলত দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় বালিকুৰি এন চি গাঁৱৰ আবুল কাশেম আৰু ছাদ্দাম হুছেইন নামৰ ব্যক্তি দুগৰাকী ।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত আঘাতপ্ৰাপ্ত দুগৰাকীক চেনিমাৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱা হেতুকে চেনিমাৰি ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।
ইফালে দুৰ্ঘটনাস্থলীত বৰভিটা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: আজিৰে পৰা শোণিতপুৰত কৰ’ণা প্রতিষেধকৰ সম্পৰীক্ষা আৰম্ভ