জনীয়া, ৯ জুলাই: জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনক লৈ টঙালি বান্ধিছে কংগ্ৰেছ- বিজেপিয়ে । উপ-নিৰ্বাচনৰ সমান্তৰালকৈ দুয়োটা দলৰ মাজত আৰম্ভ হৈছে বাক-বিতণ্ডাৰ ৷ 10 জুলাইত সমষ্টিটোত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইপিনে নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই আজি কলগাছিয়াৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা কৰ্মী সভা ৷ য'ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্যই কয় ,
"ভাৰাতীয়া মানুহ গোটাই সভা কৰিব বিজেপিয়ে । জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত যিয়েই নহওক কিয় কংগ্ৰেছৰ প্ৰাৰ্থী জয় হোৱাটো এশ শতাংশ নিশ্চিত । এ আই ইউ ডি এফৰ দুই এজন হতাশাগ্ৰস্ত কৰ্মীক দলত যোগদান কৰোৱাই নিৰ্বাচনী বৈতৰণী পাৰ হব খুজিছে বিজেপিয়ে ।''
লগতে তেঁও কয় য়ে, জনীয়া সাংসদ আব্দুল খালেকৰ দুৰ্গ ৷ ইয়াত বিজেপিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নাইবা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিজেও নিৰ্বাচন খেলিলে কংগ্ৰেছৰ হাতত পৰাজিত হব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ছলমান খানে ৷ ইফালে অপূৰ্ব ভট্টাচাৰ্যক উভতি ধৰি জনীয়া সমষ্টি এইবাৰ বিজেপি দুৰ্গ হিচাপে পৰিণত হ'ব বুলি কয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ আহমেদ খানে ।
উপ-নিৰ্বাচন : কংগ্ৰেছ-বিজেপিৰ মাজত আৰম্ভ হৈছে বাক্-বিতণ্ডা - BJP
জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনকলৈ আৰম্ভ হৈছে প্ৰস্তুতি ৷ সমষ্টিটো নিজৰ দখললৈ আনিবলৈ টঙালি বান্ধিছে কংগ্ৰেছ-বিজেপিয়ে ৷
জনীয়া, ৯ জুলাই: জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনক লৈ টঙালি বান্ধিছে কংগ্ৰেছ- বিজেপিয়ে । উপ-নিৰ্বাচনৰ সমান্তৰালকৈ দুয়োটা দলৰ মাজত আৰম্ভ হৈছে বাক-বিতণ্ডাৰ ৷ 10 জুলাইত সমষ্টিটোত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইপিনে নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই আজি কলগাছিয়াৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা কৰ্মী সভা ৷ য'ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্যই কয় ,
"ভাৰাতীয়া মানুহ গোটাই সভা কৰিব বিজেপিয়ে । জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত যিয়েই নহওক কিয় কংগ্ৰেছৰ প্ৰাৰ্থী জয় হোৱাটো এশ শতাংশ নিশ্চিত । এ আই ইউ ডি এফৰ দুই এজন হতাশাগ্ৰস্ত কৰ্মীক দলত যোগদান কৰোৱাই নিৰ্বাচনী বৈতৰণী পাৰ হব খুজিছে বিজেপিয়ে ।''
লগতে তেঁও কয় য়ে, জনীয়া সাংসদ আব্দুল খালেকৰ দুৰ্গ ৷ ইয়াত বিজেপিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নাইবা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিজেও নিৰ্বাচন খেলিলে কংগ্ৰেছৰ হাতত পৰাজিত হব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ছলমান খানে ৷ ইফালে অপূৰ্ব ভট্টাচাৰ্যক উভতি ধৰি জনীয়া সমষ্টি এইবাৰ বিজেপি দুৰ্গ হিচাপে পৰিণত হ'ব বুলি কয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ আহমেদ খানে ।
জনীয়া, ০৯ জুলাই: জনিয়া সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি টঙালি বান্ধিছে কংগ্ৰেছ- বিজেপিয়ে।Body:slug : as_jania_jania_bye_election_spl_pkg_story_vis2+byt5_asc10058
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অহা ১০ জুলাইত জনিয়া সমষ্টিৰ চৰিয়তপুৰ হাইস্কুল খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলি খবৰ পাই কলগাছিয়াৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনত এক কৰ্মী সভাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্য্যই । ভট্টাচাৰ্য্যই কয়, ভাৰাতীয়া মানুহ গোটাই সভা কৰিব বিজেপিয়ে । জনিয়া সমষ্টিৰ উপ-নিৰ্বাচনত যিয়েই নহওক কিয় কংগ্ৰেছৰ প্ৰাৰ্থী জয় হোৱাটো এশ শতাংশ নিশ্চিত । এ আই ইউ ডি এফৰ দুই এজন হতাশাগ্ৰস্ত কৰ্মীক দলত যোগদান কৰোৱাই নিৰ্বাচনী বৈতৰণী পাৰ হব খুজিছে বিজেপিয়ে । এ আই ইউ ডি এফ এটা শক্তিহীন বিভাজিত ৰাজনৈতিক দল এই দলে কংগ্ৰেছক কোনো ক্ষতি কৰিব নোৱাৰে । লগতে জনিয়া সমষ্টিখন কংগ্ৰেছ তথা সাংসদ আব্দুল খালেকৰ দুৰ্গ , ইয়াত বিজেপিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নাইবা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেও নিৰ্বাচন খেলিলে কংগ্ৰেছৰ হাতত পৰাজিত হব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ছলমান খানে । ইফালে মূখ্যমন্ত্ৰীৰ সভাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ লগতে অপূৰ্ব ভট্টাচাৰ্য্যক ওভতি ধৰিলে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ আহমেদ খানে । খানে কয় , জনিয়াৰ উপ- নিৰ্বাচনত ছিনলৈ নাহে কংগ্ৰেছ । বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত মূল প্ৰতিদ্বন্দিতা হব যদিও বিজেপিয়েই জয়ী হব । কিন্তু কংগ্ৰেছ থাকিব তিনি নম্বৰত ।
Conclusion:slug : as_jania_jania_bye_election_spl_pkg_story_vis2+byt5_asc10058
মন্তব্য : অপূৰ্ব ভট্টাচাৰ্য্য, ছলমান খান আৰু মুক্তাৰ হুছাইন খান ।
জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।