ETV Bharat / state

কেনে অৱস্থাত আছে ৰাজ্যৰ ভূপেন হাজৰিকা স্মৃতি মুকলি মঞ্চসমূহ ... - কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ড

ভাৰতৰত্ন, সুধাকন্ঠ, অসমৰত্ন ড৹ ভূপেন হাজৰিকাৰ আজি 94সংখ্যক জন্মতিথি ৷ বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুৰ পিচতেই অসম চৰকাৰে তেওঁৰ স্মৃতিত অসমৰ প্ৰতিখন পঞ্চায়ততে একোখনকৈ মুকলি স্মৃতি মঞ্চ তৈয়াৰ কৰাৰ আঁচনি লৈছিল আৰু এই আঁচনি বহুখিনি সফলো হৈছিল ৷ কিন্তু আজিৰ দিনত কি অৱস্থাত আছে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত সাজি উলিওৱা এইসমূহ মঞ্চ ? আমাৰ এক প্ৰতিবেদন ৷

কেনে অৱস্থাত আছে ৰাজ্যৰ ভূপেন হাজৰিকা স্মৃতি মুকলি মঞ্চসমূহ

author img

By

Published : Sep 8, 2020, 7:20 PM IST

জনীয়া, 8 ছেপ্টেম্বৰ : 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰিছিল ভাৰতৰত্ন, অসমৰত্ন, সুধাকন্ঠ, বিশ্ববৰেণ্য শিল্পী ড৹ ভূপেন হাজৰিকাদেৱ ৷ এগৰাকী শিল্পী হিচাপে সমগ্ৰ বিশ্বতে নিজৰ পৰিচয়েৰে অসম তথা ভাৰতৰ গৌৰৱগাঁথা গাইছিল এইগৰাকী মহান মনিষীয়ে ৷ তেওঁৰ গানত মূৰ্ত প্ৰকাশ পাইছিল সৰ্বসাধাৰণ জনতাৰ কথা, সাংস্কৃতিক সমন্বয় আৰু মানৱতাৰ কথা ৷ বহুকেইটা ভাষাত দখল থকা ড৹ হাজৰিকাই অসমীয়া আৰু বাংলা ভাষাৰ লগতে মাৰাথী, হিন্দী, ইংৰাজী আৰু অন্যান্য ভাষাত তেওঁৰ গীতসমূহ গাইছিল তথা গোৱাইছিল ৷ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা, সংগীত নাটক অকাডেমী বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মশ্ৰী, পদ্মভূষণ, পদ্ম বিভূষণ আৰু ভাৰতৰত্ন বঁটাৰে সন্মানিত হৈছিল ড৹ ভূপেন হাজৰিকা ৷

সুধাকন্ঠ ড৹ ভূপেন হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চ

সংগীতৰ ক্ষেত্ৰখনত বাল্যকালৰ পৰাই জড়িত হৈ পৰিছিল সুধাকণ্ঠ হাজৰিকা ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যৰে আগবাঢ়িছিল তেখেতৰ সাংস্কৃতিক যাত্ৰা ৷ এইদুগৰাকী মণিষীয়েই প্ৰথমে কলিকতালৈ নি শিশু ভূপেনৰ কণ্ঠত গীত বাণীবদ্ধ কৰোৱাইছিল ৷ তাৰ পাচত আৰু থমকি ৰোৱা নাছিল ভূপেন হাজৰিকা ৷ গীত ৰচি, সুৰ দি কণ্ঠদান কৰালৈকে নিপুন হৈ পৰিছিল অসম গৌৰৱ ভূপেন হাজৰিকা ৷ এইগৰাকী মহান শিল্পীৰ গীতত পোৱা গৈছিল অসম মাতৃৰ কেঁচা মাটিৰ গোন্ধ ৷ কৃষকৰ ঘামৰ টোপাল, ছহিদৰ কেঁচা তেজৰ চেকুৰা যেন ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰিছিল শিল্পী গৰাকীয়ে ৷ সেয়ে তেখেতৰ কলম আৰু কণ্ঠৰে নিগৰিছিল অ’ মোৰ ধৰিত্ৰী আই, শ্বহীদ প্ৰণামো তোমাক, কত জোৱানৰ মৃত্যু হ’ল আদিৰ দৰে কালজয়ী গীত ৷

কেৱল অসমৰ সংগীত জগততে যে তেখেত সীমাবদ্ধ আছিল তেনে নহয় ৷ বাংলা, হিন্দী আদি কেইবাটাও ভাষাত গীত লিখি, গীত গাই দেশৰ সংগীত ক্ষেত্ৰখনতেই সুধাকণ্ঠই দখল কৰিছিল এক সুকীয়া স্থান ৷ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো জনপ্ৰিয় এইগৰাকী কণ্ঠশিল্পী ৷ সেয়ে বাংলাদেশ চৰকাৰে সুধাকণ্ঠগৰাকীৰ মৃত্যুৰ সময়ত প্ৰদান কৰিছিল দেশৰ সৰ্বোচ্চ মুক্তিযুঁজাৰু সন্মান ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী পল ৰ’বচনৰ দ্বাৰা বাৰুকৈয়ে অনুপ্ৰাণিত হৈছিল সুধাকণ্ঠ ৷ ৰ’বচনৰ বিখ্যাৎ Old Man River গীতটিৰ অৱলম্বনতে সুধাকণ্ঠই লিখিছিল আমি একেখন নাৱৰে যাত্ৰী শীৰ্ষক গীতটি ৷

অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল সুধাকণ্ঠই ৷ 1993 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 69 তম্ অধিবেশনত সভাপতিত্ব কৰিছিল ড৹ ভূপেন হাজৰিকাই ৷ ৰাজনীতিৰ ক্ষেত্ৰখনতো সুধাকণ্ঠই পাইছিল সফলতা ৷ তেখেত 1967 ৰ পৰা 1972 চনলৈ অসম বিধান সভাৰ সদস্য নিৰ্বাচিত হৈছিল নাওবৈচা সমষ্টিৰ পৰা ৷ 2011 চনৰ 5 নবেম্বৰত বৃক্ক আৰু বহুকেইটা সমস্যাত ভোগা অসম গৌৰৱ সুধাকণ্ঠ ভূপেন হাজৰিকাই অৱশেষত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ অসমীয়া সংস্কৃতি আৰু সমাজ জীৱনলৈ সুধাকণ্ঠ ভূপেন হাজৰিকাই গীত-বোলছবিৰ জৰিয়তে দি গ’ল এক মেটমৰা সম্ভাৰ ৷

এইগৰাকী মহান ব্যক্তিৰ আজি 94সংখ্যক জন্মতিথি ৷ বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুৰ পিচতেই অসম চৰকাৰে তেওঁৰ স্মৃতিত অসমৰ প্ৰতিখন পঞ্চায়ততে একোখনকৈ মুকলি স্মৃতি মঞ্চ তৈয়াৰ কৰাৰ আঁচনি লৈছিল আৰু এই আঁচনি বহুখিনি সফলো হৈছিল ৷ কিন্তু আজিৰ দিনত কি অৱস্থাত আছে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত সাজি উলিওৱা এইসমূহ মঞ্চ ?

পৱিত্ৰ জন্মতিথিতে বিশ্ববৰেণ্য শিল্পীগৰাকীক চৰম অপমান

সুধাকন্ঠ ড৹ হাজৰিকাৰ পৱিত্ৰ জন্মদিনটোতে এলাগি হৈ থাকিল তেওঁৰ স্মৃতিত অসমৰ বিভিন্ন স্থানত নিৰ্মিত সোঁৱৰণী সাংস্কৃতিক মঞ্চসমূহ । বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডত নিৰ্মিত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চৰ গোহালী সদৃশ দৃশ্য দেখিলে এই কথাৰ নিশ্চয়কৈ উমান পাব পাৰি । সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱৰ্তে গৰু ছাগলীৰ চৰনীয়া পথাৰত পৰিণত হৈছে মঞ্চখন । ড৹ ভূপেন হাজৰিকাৰ নামত এইদৰে মঞ্চ সাজি বিশ্ববৰেণ্য শিল্পীগৰাকীক চৰম অপমান কৰাৰ বাবে চৰকাৰক তীব্ৰ ভাষাৰে গৰিহনা দিছে স্থানীয় সচেতন ৰাইজে । শীঘ্ৰেই মঞ্চখন পৰিস্কাৰ কৰি সুধাকন্ঠক স্মৰণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক : আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.