জনীয়া, 14 মে’: আজি পৱিত্ৰ ঈদ-উল-ফিটৰ । এই পৱিত্ৰ ঈদ-উল-ফিটৰৰ দিনাই খৰিচালা বজাৰত ভাঙসহ আটক হৈছে এজন ব্যক্তি ৷
অভিযোগ অনুসৰি, খৰিচালা বজাৰত মুকলিকৈ বিক্ৰী হৈ থাকে ভাং । পূৰ্ৱতে একাংশ যুৱকে ভাং কিনি থকাৰ সমগ্ৰ দৃশ্য ভাইৰেল কৰিছিল সামাজিক মাধ্যমত । উল্লেখ্য যে, এই সম্পৰ্কে সৰভোগ আৰক্ষী থানাত অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাছিল প্ৰশাসনে ।
ইয়াৰ পৰৱৰ্তী সময়ত একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই সৰভোগ আৰক্ষীয়ে অভিযান চলাই প্ৰায় 4.5 কেজি ভাং জব্দ কৰাৰ লগতে এজনক হাতে লোটে আটক কৰে । সৰভোগ আৰক্ষীয়ে ভাং বিক্ৰী কৰা ব্যক্তিক আটক কৰাত স্বস্তিৰ নিশ্বাস কাঢ়িছে খৰিচালাবাসী ৰাইজে ।
লগতে পঢ়ক: ভাৰতৰ ভেকচিন পৰিকল্পনাত লাগিল আউল : চীনে বাংলাদেশক দিলে ঈদৰ উপহাৰ