বাক্সা, ১৫ জানুৱাৰী : বজালীৰ শ্ৰী শ্ৰী ভোগেশ্বৰী মন্দিৰত শুকুৰবাৰে অজস্ৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় । শ্ৰী শ্ৰী ভোগেশ্বৰী মন্দিৰত সেৱা ল‘লে মনোকামনা পূৰ্ণ হয় বুলি এক লোক বিশ্বাস চলি আহিছে ৷
যাৰ ফলতে পহিলা মাঘৰ দিনৰ পৰা আৰম্ভ কৰি গোটেই মাহটোত শ্ৰী শ্ৰী ভোগেশ্বৰী মন্দিৰত ভক্তৰ লানি নিচিগা শাৰী দেখিবলৈ পোৱা যায় ৷ প্ৰতিবছৰৰ পহিলা বহাগৰ পৰা ভক্তই উক্ত মন্দিৰত আহি নিজৰ মনোকামনা পূৰণৰ লক্ষ্যৰে ইশ্বৰৰ ওচৰত সেৱা লয় ৷ ইফালে ভক্ত সকলৰ সুবিধাৰ্থে পৰিচালনা সমিতিয়েও ভক্ত সকলক বিভিন্ন সা-সুবিধা প্ৰদান কৰি আহিছে ৷
লগতে পঢ়ক: আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সত্যৰঞ্জন বৰা আৰু সমৰ্থকৰ